Matar Samosa Recipe: চিঙৰা খাবলৈ কোনেনো ভাল নাপায়। যেতিয়াই আপুনি কিবা Snacks খাবলৈ মন কৰে তেতিয়াই প্ৰথমে মূৰলৈ আহে চিঙৰাৰ কথা। ইয়াৰোপৰি অলপ অলপ ভোক লাগিলেও প্ৰথমে আপোনাৰ মনলৈ আহে চিঙৰা খোৱাৰে কথা। আপোনালোকে আজিলৈকে আলুৰ চিঙৰা খাই পাইছে কিন্তু আপুনি কেতিয়াবা মটৰৰ চিঙৰা খাই পাইছে নে? নিশ্চয় পোৱা নাই…গতিকে ইয়াত আমি আজি আপোনাক মটৰ চিঙৰাৰ ৰেচিপি ক’ম, যি খাবলৈ অতি সুস্বাদু। আহক জানো ইয়াক বনোৱাৰ ৰেচিপি।
মটৰ চিঙৰা তৈয়াৰ কৰা সামগ্ৰীসমূহ-
২টা বইল আলু, ১/৪ কাপ সেউজীয়া মটৰ, ১/২ ইঞ্চি বৰ্গটুকুৰা পনীৰ, ৫টা কাজুবাদাম, ১ সৰু চামুচ আদাৰ পেষ্ট, ১ সৰু চামুচ ধনিয়া পাউডাৰ, আধা চামুচ হালধি গুৰি, ১ সৰু চামুচ জিৰা গুৰি, নিমখ, ১ চামুচ চেনী, ১টা জলকীয়া মিহিকৈ কটা, ৪/৪ ৰঙা জলকীয়া গুৰি, ৪/৪ গৰম মচলা, ২ চামুচ ধনিয়া।
মটৰৰ চিঙৰা বনোৱা ৰেচিপি-
মটৰ চিঙৰা বনাবলৈ প্ৰথমে আপুনি ২ কাপ ময়দাত এক চিমুটি নিমখ মিলাওক আৰু তাৰ পিছত আধা চামুচ তেলৰ সৈতে মঠি দিয়ক। মঠা ময়দাখিনি অলপ সময়ৰ বাবে ৰাখি থওক। এটা নন ষ্টিক পেনত এক ডাঙৰ চামুচ তেল গৰম কৰক। তাত আদা পেষ্ট, ধনিয়া গুৰি, হালধি গুৰি, জিৰা গুৰি, নিমখ, চেনী, কাজু বাদাম আৰু কিচমিচ ভালদৰে মিহলি কৰক আৰু দুই মিনিটৰ বাবে ভাজি লওক।
তাৰ পিছত তাত সেউজীয়া মটৰ ঢালি দিয়ক আৰু ভাজক। তাৰ পিছত মঠি থোৱা ময়দাখিনি আৰু পুনৰ এবাৰ মঠি লওক যাতে মসৃণ হয় আৰু মঠা ময়দাখিনিৰে সৰু সৰু লাডু বনাওক। তাৰ পিছত ৰুটিৰ দৰে বেলক তাৰ পিছত তাত তৈয়াৰ কৰি থোৱা ভাজিখিনি ভৰাওক আৰু কেৰাহীত তেল গৰম কৰক আৰু তাত চিঙৰাকেইটা ভাজক। মটৰ চিঙৰা খাবলৈ খাবলৈ হৈ গ’ল Ready।
Photo: google




























Discussion about this post