সকলোৰে চিনাকি কঠাল (Jack fruit) এবিধ ডাঙৰ আকৃতিৰ ফল। ইংৰাজীত ইয়াক জেক ফ্ৰুট (Jack fruit) নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে হেটাৰোফাইলাচ”(Heterophyllus) আৰু ই মোৰেচি (Moraceae) গোত্ৰৰ অন্তৰ্গত। কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল (National fruit)। আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল। ভাৰতৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঠাল উৎপন্ন হয়। আমাৰ অসমৰো ই ঘৰুৱা ফল স্বৰূপ। প্ৰতি ঘৰ মানুহৰে বাৰী-বস্তিত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়।
কঠালৰ (Jack fruit) লাভালাভবোৰ কি কি জানো আহক-
১. কঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰাখে।
২. কঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থাকে। ই ফ্ৰুকটজ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিকভাবে শক্তি লাভ কৰে।
৩. কঠালত এণ্টি অক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টচ (Phytonutrients) আৰু ফ্লেভ’নয়ড (Flavonoid) থাকে, যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেঞ্চাৰ, হাওঁফাওঁৰ কেঞ্চাৰ, মুখ গহ্বৰৰ কেঞ্চাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।
৪. কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।
৫. পকা কঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।
৬. কঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।
৭. কঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।
৮. কঠালে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তল্পতা ৰোগ প্ৰতিৰোধ কৰে।
৯. পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।
১০. কঠালত থকা এণ্ট অক্সিডেণ্টে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ বোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে।
১১. কেইটামান কঠালৰ শুকান গুটি অলপমান গাখীৰ আৰু মৌত কিছুসময় তিয়াই থৈ পিছত সেইখিনি মিহিকৈ পিহি পেষ্ট তৈয়াৰ কৰি মুখ-মণ্ডলত সানি কিছুসময় ৰৈ শুকাবলৈ দিব লাগে আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাই কেইমিনিট মানৰ ভিতৰতে মুখৰ ছাল নিমজ আৰু মসৃণ কৰি তুলিব পাৰি।
১২. পৰিমিত ৰূপত নিয়মিতভাবে কঠাল খালে দেহৰ ছাল মসৃণ হয় আৰু ছালত সহজে বলিৰেখা নপৰে।
১৩. কঠালত থকা ভিটামিন-বি৬ (vitamin-B-6) এ হৃদপিণ্ড সুৰক্ষিত কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।
১৪. কঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে।
১৫. কীটনাশক আৰু কৃত্ৰিমতাৰ পৰা মুক্ত এই হেন থলুৱা বতৰৰ ফল কঠাল পৰিমিত ৰূপত নিয়মিতভাৱে গ্ৰহণ কৰি নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰাত অৰিহণা যোগাব পাৰে।
কিন্তু কঠাল খোৱাৰ পিছত কি কি খাব নালাগে তাৰ বিষয়েও জানি লও আহক-
কঠালৰ ছবজী খোৱাৰ পিছত কিছুমান লোকে লগে লগে ৰাতি গাখীৰ খায়, কিন্তু এনে লোকসকলক কও যে এনে ভুল যাতে নকৰে, অন্যথা আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। যদি আপুনি এনে ভুল কৰে তেন্তে আপোনাৰ ছাল সম্পৰ্কীয় সমস্যা হ’ব পাৰে। হয়তো আপোনাৰ শালমইনা হ’ব পাৰে নহ’লে এলাৰ্জী। গতিকে এনে ভুল নকৰাই ভাল।
কঠাল খোৱাৰ পিছত মৌও খাব নালাগে, ই আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। ই আপোনাৰ ছুগাৰ লেভেল বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ, ডায়েবেটিচ ৰোগীয়ে এনে ভুল কৰিব নালাগে, অন্যথা আপোনাৰ স্বাস্থ্য অধিক অৱনতি হ’ব পাৰে।
কঠাল খোৱাৰ পিছত আপুনি অমিতা খাব নালাগে, কিছুমান লোকে ভাবে যে ইয়াক খালে খাদ্য সোনকালে খাদ্য হজম হয়, কিন্তু এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ লোকচান হ’ব পাৰে।
Photo: Google
Discussion about this post