Disadvantages of Eating Stale Flour Roti: প্ৰায়ে এনেকুৱা হয় যে আহাৰ বনোৱাৰ পিছত যেতিয়াও আটা ৰৈ যায় তেতিয়া আমি সেইখিনি মাৰি থোৱা আটা ফ্ৰীজত ৰাখি থও আৰু পাছদিনা ইয়াক ব্যৱহাৰ কৰোঁ। আনকি বহুতো মহিলাই ৰাতিপুৱাৰ কাম পাতল কৰিবলৈ বা কাৰ্যালয়লৈ যোৱাৰ দৌৰাদৌৰিত ৰাতিয়েই আটা মাৰি থৈ দিয়ে। কিন্তু আপুনি জানেনে যে সময় সঞ্চয় কৰাৰ অভ্যাসে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰে? হয়..কেতিয়াও বাহি হোৱা আটাৰ ৰুটি বনাব নালাগে। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। আহক আমি ইয়াত আপোনালোকক জনাও যে ৰৈ যোৱা আটাৰ ৰুটি খালে কি-কি হ’ব পাৰে।
নিশা ৰৈ যোৱা আটৰ লোকচান – আটা যেতিয়াই পানীৰ সংস্পৰ্শলৈ আহে তাৰ তেতিয়াই ব্যৱহাৰ কৰিব লাগে। ইয়াৰ কাৰণ হৈছে আটাত বহুতো ৰাসায়নিক পদাৰ্থ আহে যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি গণ্য কৰা হয়। যদি আমি আটাখিনি মাৰি ফ্ৰীজত থৈ দিও তেতিয়া ফ্ৰীজৰ হানিকাৰক গেছ তাত প্ৰৱেশ কৰে। ইয়াৰ দ্বাৰা বহুতো ৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰে।
পেট বেয়া হ’ব পাৰে (Stomach Problem): ভিজা আটাত ফাৰ্মেচন প্ৰক্ৰিয়া সাধাৰণ মাৰি থোৱা আটাৰ তুলনাত খুব সোনকালে আৰম্ভ হয়, যাৰ ফলত আটাত বেক্টেৰিয়া বিকশিত হ’বলৈ আৰম্ভ কৰে, যিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াৰ পৰা তৈয়াৰ কৰা ৰুটিয়ে পেট বেয়া কৰিব পাৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় ( Immune System Weak) – ঘেঁহু হৈছে এক ডাঠ শস্য যাৰ ৰুটি পেটলৈ যায় লাহে লাহে হজম হ’বলৈ আৰম্ভ কৰে। এনে ক্ষেত্ৰত, কোষ্ঠকাঠিন্য থকা লোকসকলৰ বাবে ইয়াক হজম কৰাটো কঠিন হৈ পৰে। আটাৰ ৰুটি খোৱাটোৱে আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীকো দুৰ্বল কৰে। গতিকে বাহি আটাৰ ৰুটি খোৱা পৰিহাৰ কৰক।
Photo: Google
Discussion about this post