শৌচালয়ৰ বাল্টিত ৰাখে ৰসগোল্লা। কোন কোন দোকানৰ পৰা মিঠাই (Sweet Shops) কিনি খায় আপুনি? মিঠাইৰ দোকানৰ অৱস্থা দেখি আপুনিও গুৱাহাটীৰ দোকানৰ মিঠাই খাবলৈ ১০ বাৰ ভাবিব।
মিঠাইৰ দোকানত ধুনীয়াকৈ সজাই থোৱা সুস্বাদু মিঠাই দেখিলে আপোনাৰো হয়টো খাবলৈ মন নোযোৱাকে নাথাকে। কিন্তু কেতিয়াবা ভাৱিছেনে মিঠাইৰ দোকানত তৈয়াৰ কৰা মিঠাইসমূহ কেনেদৰে, কি পৰিৱেশত প্ৰস্তুত কৰা হয়।
মঙলবাৰৰ দিনটোত গুৱাহাটী পৌৰ নিগমে (GMC) মহানগৰীৰ কেইবাখনো মিঠাইৰ প্ৰতিষ্ঠানত চলালে অভিযান (Operation)। অভিযানকালত পালে বহুকেইখন মিঠাইৰ দোকানৰ অস্বাস্থ্যকৰ পৰিৱেশ (Unhygienic)। মিঠাইৰ কাৰাখানাৰ কাষতে শৌচালয়। শৌচালয়লৈ যোৱাৰ পথতে মিঠাই বনোৱা প্লেটসমূহ পেলাই থৈছে। এই অস্বাস্থ্যকৰ পৰিৱেশতে গুৱাহাটীৰ বহুকেইখন মিঠাইৰ দোকানত প্ৰস্তুত কৰা হয় মিঠাই।
মহানগৰীৰ ‘গোবিন্দম’ (Govindam Sweets), ‘দ্যা গল্ডেন স্পুন’ (The Golden Spoon) ৰেষ্টুৰেণ্টত অভিযান চলাইছিল পৌৰ নিগমে। পৌৰ নিগমৰ অভিযানতে বন্দী হৈছিল এইসমূহ দৃশ্য। মহানগৰীৰ একাংশ ৰাইজৰ অভিযোগৰ ভিত্তিতে পৌৰ নিগমে অভিযান চলাইছিল এই কেইখন ৰেষ্টুৰেণ্টত।
মঙলবাৰে পৌৰ নিগমে মুঠ ৪খন স্থানত চলাইছিল এই অভিযান। ‘দ্যা জেনেৰেল ট্ৰেডাছ্’ (The General Traders), ‘গোবিন্দম ছুইটছ’, ‘দ্যা গল্ডেন স্পুন’ আৰু ‘নাগা কিটচেন’ (Naga Kitchen) চলালে এই অভিযান।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/fashion/malaika-arora-spent-3-lakh-70-thousand-rupees/5682/
Discussion about this post