কেতিয়াবা ভাবিছিলে নে বজাৰত ২ কিলোগ্ৰাম মমোও (Momo) পাব? তাকো সোণেৰে (Gold) সজ্জিত। হয়, মুম্বাইৰ (Mumbai) এখন কেফে আছে য’ত আপুনি ‘বাহুবলী গোল্ড মমো’ খাবলৈ পাব। যেতিয়া ৰাইজে এই মমোৰ বিষয়ে জানিব পাৰিলে, তেওঁলোক স্তম্ভিত হৈ পৰিল। কাৰণ… ভেজ, পনীৰ, চিকেন, ফ্ৰাই আৰু তন্দুৰী মমোৰ পিছত কোনে কল্পনা কৰিছিল এই মমোৰ কথা। অৱশ্যে, খাদ্যৰ পৃথিৱীত এক্সপেৰিমেণ্টছ্ হৈয়ে থাকে। এই মমোও তাৰে ফলাফল। বাকী আপুনি জানি লওক যে এই মমোৰ বিশেষত্ব কি।

এই মমোৰ দাম হৈছে ১২৯৯ টকা
এই ভিডিঅ’টো ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী @whatafoodiegirlয়ে শ্বেয়াৰ কৰিছিল। তেওঁ শিৰোনামত লিখিছিল, ‘বাহুবলী গোল্ড মমো’ (Bahubali Gold Momo) এইটো দুই কেজিৰ, যি মজৰেলা চীজৰ সৈতে সুস্বাদু পাচলিৰে ভৰ্তি। আৰু লগতে, ইয়াক ২৪ কেৰেট খোৱা সোণেৰে আৱৰি ৰখা হৈছে। এই মমোটো ৬ৰ পৰা ৮ জন লোকে আৰামত খাব পাৰে। লগতে ইয়াৰ মূল্য মাত্ৰ ১২৯৯ টকা।

ভিডিঅ’টোত কি আছে?
এই ভিডিঅ’টোত মহিলাগৰাকীয়ে দাবী কৰিছে যে এই ‘মমো’ মুম্বাইৰ মেছি আড্ডা কেফেৰ দ্বাৰা নিৰ্মিত ‘ভাৰতৰ প্ৰথম সোণৰ মমো’, যিটো এটা ঘূৰণীয়া ষ্টীলৰ পাত্ৰত আহে। মমোৰ ওপৰৰ ফালে আৰু মাজত গাজৰ আৰু চাৰিওফালে খোৱা সোণ লগোৱা হৈছে। মমোৰ ওজন দুই কিলোগ্ৰাম, যি এটা অৰেঞ্জ মিণ্ট মজিটো, দুটা চকলেট মমোজ আৰু তিনিটা ডাম্পিলিংগছ – মচলাযুক্ত চাটনি, মেয়নিজ আৰু পুদিনা চাটনিৰ সংমিশ্ৰণৰ সৈতে আহে।
Photo: NBT





























Discussion about this post