কৰিশ্মা কাপুৰে তেওঁৰ ঘৰত খ্ৰীষ্টমাছ পাৰ্টি ৰাখিছিল। এই পাৰ্টীত বলীউডৰ সুন্দৰী মলাইকা অৰোৰা (Malaika Arora) প্ৰেমিক অৰ্জুন কাপুৰৰ (Arjun Kapoor) সৈতে উপস্থিত হৈছিল। সেই সময়ত মলাইকাৰ Bold Lookক লৈ যথেষ্ট চৰ্চিত হৈছিল। মলাইকাই ব্ৰালেটৰ লগত Hot Shirts আৰু ভেলভেটৰে Shrug পিন্ধিছিল, যিটো আগফালেৰে সম্পূৰ্ণভাৱে খোলা আছিল। এই Bold Lookটো ভাইৰেল হোৱাৰ পিছত, এই পোছাকৰ মূল্যই এতিয়া সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে। যদি আপুনি এই Bold Dress যোৰৰ মূল্য দেখিব হয়টো আপোনাৰ চকু কপালত উঠিব।
২.৪৫ লাখ টকা কৰিছে খৰচ
মলাইকাই (Malaika Arora) তেওঁৰ এই Bold Lookৰ বাবে ২.৪৫ লাখ টকা খৰচ কৰিছে। মলাইকাই Gucciৰ পৰা এই ভেলভেট পোছাকযোৰো ক্ৰয় কৰিছে। এই আউটফিটৰ খোলা Shrugৰ কথা কও যদি ইয়াৰ মূল্য অনলাইনত ১,৪৮,২৭৬ টকা। ইফালে ইয়াৰ সৈতে মিলা Gucci Shortsটোৰ মূল্য ৯৭,৩৫৩ টকা। এই দুয়োটাকে মিলাই ২.৪৫ লাখ টকা।
পাৰ্ছত খৰচ এক লাখতকৈও অধিক
মলাইকাই এই পোছাকৰ সৈতে মিলি যোৱা সেউজীয়া ৰঙৰ এটা পাৰ্ছো লগত লয়। এই বেগটোত সাপৰ ডিজাইন কৰা আছে। এই বেগটো Judith Leiber ব্ৰেণ্ডৰ, যাৰ মূল্য প্ৰায় ১৬৯৫ ডলাৰ, যিটো ভাৰতীয় মুদ্ৰালৈ ৰূপান্তৰিত হ’লে প্ৰায় ১,২৬,৯৩৩ টকা। অৰ্থাৎ মলাইকাই তেওঁৰ পোছাকত মুঠ প্ৰায় ৩ লাখ ৭০ হাজাৰ টকা খৰচ কৰিছে।
অনুৰাগীসকলে পচন্দ কৰিলে মলাইকাৰ এই Bold Look
যেতিয়াই মলাইকা গাড়ীৰ পৰা নামি আহি কেমেৰাৰ সন্মুখলৈ আহে লগে লগে মলাইকাৰ পোছাক আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে। অৱশ্যে, এই পোছাক পিন্ধাৰ পিছত, মলাইকা এটা দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। দৰাচলতে, মলাইকা যেতিয়াই গাড়ীৰ পৰা নামে লগে লগে তেওঁ হাই হিলছৰ বাবে নিজৰ বেলেঞ্চ হেৰুৱাই দিয়ে। অৱশ্যে, মলাইকাক তাইৰ কাষত থিয় হৈ থকা এজন লোকে সহায় কৰে আৰু তাইক পৰি যোৱাৰ পৰা ৰক্ষা কৰিছিল।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/news/goat-gave-birth-to-a-child-looking-like-a-human/5678/
Discussion about this post