শাৰদীয় দুৰ্গা পূজাৰ বতৰতে অসম বাসীৰ বাবে এটা ভাল খবৰ। অসমীয়া ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই (Sanjukta Dutta) ডিজাইন কৰা চাদৰ মেখেলা পিন্ধি ৰেম্পত খোজ বলিউডৰ অভিনেত্ৰী-পৰিচালিকা দিব্যা খোচলা কুমাৰৰ (Divya Khosla Kumar)। মুম্বাইৰ জিঅ’গাৰ্ডেনত অনুষ্ঠিত FDCI X Lakme Fashion Weekত ডিজাইনাৰ দত্তই কৰা শেহতীয়া ডিজাইন চিকি মিকিৰে ৰেম্পত জিলিকি উঠিল অভিনেত্ৰী পৰিচালিকা দিব্যা খোচলা কুমাৰ।
দৰ্শকৰ হাত চাপৰি আৰু উতসাহ উলাহৰ মাজেৰে ৰেম্পত খোজ দিলে বলীউদৰ মোহময়ী অভিনেত্ৰী দিব্যা খোচলা কুমাৰে। বেকগ্ৰাউণ্ডত মনপৰশা জনজাতীয় সংগীতৰ ফিউজন। কলা -নীলা মেখেলা চাদৰ পিন্ধি ৰেম্পত দিব্যা।
প্ৰসিদ্ধ লেকমি ফেশ্বন উইকৰ ৰেম্পত আকৌ এবাৰ জিলিকি উঠিল অসমীয়াৰ গৌৰৱ মেখেলা চাদৰ। প্ৰসিদ্ধ ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা মেখেলা চাদৰ পিন্ধি ৰেম্পত মোহময়ী দিব্যা।
Lakme Fashion Weekত সংযুক্তা দত্তৰ শ্ব’ ষ্ট’পাৰ হিচাপে খোজ দিলে দিব্যা খোচলা কুমাৰে। অসমৰ পৰম্পৰাগত সাজ মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত দেশ তথা ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰ ১০ অক্টোবৰ তাৰিখে মুম্বাইৰ Jio Gardenত অনুষ্ঠিত FDCI X Lakme Fashion Weekত তেখেতৰ নতুন সংগ্ৰহ ‘Chiki-Miki’ প্ৰদৰ্শন কৰে।
Photo: Khatang Khobor
Discussion about this post