Watch Video : কইনাই (Bride) বিয়াত (Wedding) কৰা মেকআপৰ (Makeup) ভিডিঅ’ (Video) আপুনি হয়টো ছচিয়েল মিডিয়াত (Social Media) বহুত দেখিছে। তাত, কইনাক মেকআপক লৈ যথেষ্ট বিচলিত হোৱা দেখা যায়, কিন্তু শেহতীয়াকৈ মেকআপ (Makeup) সম্পৰ্কীয় এক বেলেগ ধৰণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত, এগৰাকী যুৱতীয়ে ধুনীয়া দেখিবলৈ মুখত এনেকুৱা কিবা ব্যৱহাৰ কৰে, যিটোৰ বাবে তাই সমস্যাত পৰে। ইয়াৰ পিছত, তাই যিদৰে প্ৰতিক্ৰিয়া কৰে, সেয়া নিশ্চকৈ চাবলগীয়া। ভিডিঅ’টো চালে আপুনিও হাঁহি ৰখোৱাব নোৱাৰিব। আহক চাও সম্পূৰ্ণ ভিডিঅ’টো (Video)।
মুখত আঠা লাগি যায় মাস্ক
ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত এগৰাকী যুৱতীয়ে মুখত লগাই Peel Of Mask। নিজকে ধুনীয়া দেখুৱাবলৈ যুৱতীগৰাকী মুখত লগাইছিল Peel Of Mask। তাই এই মাস্কখন কিছু সময়ৰ বাবে মুখত লগাই থৈছিল। তাৰ পিছত যেতিয়া আঁতৰাবলৈ চেষ্টা কৰে, তেতিয়া ডাঙৰ সমস্যাত পৰে। দৰাচলতে, এই মাস্কখন তাইৰ মুখত আঠা লাগি যায় আৰু আঁতৰি নাহে।
বহুত কান্দে যুৱতীগৰাকীয়ে
পৰিয়ালৰ সদস্যসকলে সেই মাস্কখন (Face Mask) আঁতৰাবলৈ জোৰ লগাই। জোৰ দি টনা বাবে যুৱতীগৰাকীয়ে বিষত চিঞৰিবলৈ আৰু কান্দিবলৈ আৰম্ভ কৰে। তাৰ পিছতো মাস্কখন আঁতৰি নাহে। যুৱতীগৰাকীয়ে কান্দি কান্দি অৱস্থা নাইকিয়া হয়। পৰিয়ালৰ সদস্যসকলে নিৰন্তৰ মাস্কখন আঁতৰাবলৈ চেষ্টা কৰে আৰু শেষত তেওঁলোক সফল হয়, কিন্তু যুৱতীগৰাকীৰ প্ৰতিক্ৰিয়াই ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক যথেষ্ট হাঁহিবলৈ বাধ্য কৰিছে।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/politics/nagaon-mp-pradyut-bordoloi-demands-for-nta/6270/
Discussion about this post