ব্যৱসায়ী আৰু বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty Kundra) স্বামী ৰাজ কুন্দ্ৰাক (Raj Kundra) পৰ্ণ’গ্ৰাফী গোচৰত জামিন প্ৰদান কৰা হৈছে।
তেওঁ সম্পূৰ্ণ ৬২ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি হৈ ওলাই আহিছে। ৰাজ কুন্দ্ৰাই ওলাই অহাৰ পিছত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল, কিন্তু শিল্পা চেট্টী সামাজিক মাধ্যমত নিৰন্তৰ সক্ৰিয় হৈ আছে আৰু নিজৰ চিন্তা-ধাৰণাবোৰ জনসাধাৰণৰ মাজত ৰাখি গৈ আছে।
ৰাজৰ জামিনৰ পিছত আৰু ঘৰত উপস্থিত হোৱাৰ পিছত শিল্পাৰ বহু কেইটা পোষ্ট ভাইৰেল হয়। এতিয়া অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হ’বলৈ ধৰিছে। অৱশ্যে ৰাজ কুন্দ্ৰা পৰ্ণ’গ্ৰাফীৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা শিল্পা চেট্টীৰ সৈতে জড়িত ঘটনাৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে।
প্ৰশ্নটো শুনাৰ লগে লগে শিল্পাৰ উঠে খং
অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty Kundra) ভাইৰেল ভিডিঅ’টো (Viral Video) এটা ইভেণ্টৰ। শিল্পা চেট্টীক এই ভিডিঅ’টোত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰা দেখা গৈছে।
ভিডিঅ’টোত দেখা পোৱা গৈছে যে পপাৰাজীয়ে শিল্পা চেট্টীক স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে সম্পৰ্কিত প্ৰশ্ন সুধি আছে।
শিল্পাই প্ৰশ্নটো শুনাৰ লগে লগে এক অদ্ভুত প্ৰতিক্ৰিয়া দিয়ে। অসন্তুষ্ট যেন লাগিছে তাইক সোধা প্ৰশ্নটোত। সাংবাদিকজনৰ কথা ৰখাই শিল্পা চেট্টীয়ে কয়, ‘মই ৰাজ কুন্দ্ৰা নেকি? মই তেওঁৰ দৰে দেখিবলৈ নেকি? নহয় নহয়…মই কোন হয়?’
শিল্পাৰ প্ৰতিক্ৰিয়া ভাইৰেল হৈ আছে
অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty Kundra) এই প্ৰতিক্ৰিয়াই স্পষ্ট কৰি দিছিল যে তেওঁ পপাৰাজীৰ এই কাণ্ড একেবাৰে ভাল পোৱা নাছিল। শিল্পাৰ এই ভিডিঅ’টো এতিয়া ভাইৰেল হ’বলৈ ধৰিছে। মানুহে বাৰে বাৰে এই ভিডিঅ’টো চাই আছে আৰু ইয়াৰ প্ৰতি তেওঁলোকৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।
কিছুমান লোকে শিল্পাৰ এনে প্ৰতিক্ৰিয়া দিয়াটো সঠিক বুলি ভাবিছে আনহাতে আন কিছুমানে তাইৰ এই প্ৰতিক্ৰিয়া ভুল বুলিও প্ৰকাশ কৰিছে।
ৰাজক ১৯ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল
উল্লেখ্য ৰাজ কুন্দ্ৰাক (Raj Kundra) আৰক্ষীয়ে ১৯ জুলাইত গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত তেওঁ নিৰন্তৰ আইনী ব্যৱস্থাৰ সন্মুখীন হৈ আহিছিল। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ চলচ্চিত্ৰ নিৰ্মাণ আৰু সেইবোৰ ৱেব এপ্লিকেচনত প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
এই ঘটনা সন্দৰ্ভত কেইবাগৰাকীও অভিনেত্ৰীয়ে ৰাজৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল, যাৰ ভিতৰত আছিল শ্বেৰলিন চোপ্ৰা আৰু পুনম পাণ্ডেৰ নাম। শিল্পা (Shilpa Shetty)কো গোচৰটোত প্ৰশ্ন কৰা হৈছিল য’ত তেওঁ স্পষ্টভাৱে কৈছিল যে গোচৰটোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। শিল্পা চেট্টীয়ে আনকি কৈছিল যে তেওঁৰ এই বিষয়ে কোনো জ্ঞান নাছিল।
Photo: Google
Discussion about this post