‘কহো না প্যাৰ হে’ৰ দৰে ছুপাৰহিট ছবিৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা বলীউড অভিনেত্ৰী
আমিষা পেটেলৰ (Ameesha Patel) বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে। দৰাচলতে চেক বাউঞ্চৰ (Cheque Bounce) গোচৰত তেওঁৰ বিৰুদ্ধে এই জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰা হৈছে। ইফালে আদালতে তেওঁক ৪ ডিচেম্বৰৰ ভিতৰত হাজিৰ হ’বলৈ কৈছে। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৩২ লাখ টকাতকৈ অধিক টকাৰ চেক বাউঞ্চৰ (Cheque Bounce) গোচৰ ৰুজু কৰা হৈছে।
৩২ লাখ ২৫ হাজাৰ চেক বাউঞ্চ
দৰাচলতে আমিষা পেটেলৰ (Ameesha Patel) বিৰুদ্ধে UTF টেলিফিল্মছ প্ৰাইভেট লিমিটেডে ৩২ লাখ ২৫ হাজাৰ টকাৰ চেক বাউঞ্চৰ (Cheque Bounce) গোচৰ ৰুজু কৰিছিল। কোম্পানীটোৱে অভিযোগ উত্থাপন কৰিছে যে, আমিষা আৰু তেওঁৰ কোম্পানী M/S আমিষা পেটেল প্ৰডাকচনে UTF টেলিফিল্মছ প্ৰাইভেট লিমিটেডৰ পৰা ছবি নিৰ্মাণৰ নামত ৩২.২৫ লাখ টকা ধাৰ লৈছিল। এই চুক্তিৰ অধীনত কোম্পানীটোক প্ৰদান কৰা ২খন চেক ৩২ লাখ ২৫ হাজাৰৰ বাউঞ্চ হৈছে। যাৰ পিছত এতিয়া তেওঁৰ বিৰুদ্ধে এখন ৱাৰেণ্ট জাৰি কৰা হৈছে।
৪ ডিচেম্বৰত হাজিৰ হ’ব লাগিব
ইফালে ভূপাল জিলা আদালতে অভিনেত্ৰী আমিষা পেটেলক (Ameesha Patel) ৪ ডিচেম্বৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। যদি আমিশা পেটেল (Ameesha Patel) সেই দিনটোত জিলা আদালতত হাজিৰ নহয়, তেন্তে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি কৰাৰ সম্ভাৱনা।
ইন্দোৰতে গোচৰৰ পঞ্জীয়ন কৰা হৈছিল
এইটো প্ৰথম বাৰৰ বাবে নহয় যে তেওঁৰ বিৰুদ্ধে চেক বাউঞ্চৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বে ইন্দোৰত আমিষা পেটেলৰ বিৰুদ্ধে ১০ লাখ টকাৰ চেক বাউঞ্চৰ (Cheque Bounce) গোচৰ ৰুজু হৈছে। এই ঘটনা সন্দৰ্ভত ইণ্ডোৰৰ পিংক চিটী নিশাৰ পৰাও ছবি নিৰ্মাণ কৰিবলৈ ১০ লাখ নগদ ধন লৈছিল। ইফালে ইয়াৰ সলনি যি চেক তেওঁক প্ৰদান কৰা হৈছিল সেয়াও বাউঞ্চ (Cheque Bounce) হৈ গৈছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/aasu-leader-animesh-bhuyan-murder-case-at-fast-track-court/4849/
Discussion about this post