১৯ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হ’ব ফালকন উৎসৱ (Falcon Festival 2021)। প্ৰতি বছৰে ডিমা হাচাও জিলাৰ (Dima Hasao) উমৰাংছুত অনুষ্ঠিত হয় এই উৎসৱ।
এই অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিব বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়ালে (Jubin Nautiyal)। এই উৎসৱৰ প্ৰথম দিনটোত অৰ্থাৎ ১৯ নৱেম্বৰৰ নিশা প্ৰদৰ্শন কৰিব সংগীতানুষ্ঠান। এই কথা জানিবলৈ দিয়ে ফালকন ফেষ্টিভেল উদযাপন সমিতিয়ে।
উল্লেখ্য এই উৎসৱৰ উদ্দেশ্য হৈছে আটাইতকৈ দীঘলীয়া ভ্ৰমণকাৰী পৰিভ্ৰমী চৰাই আমুৰ ফালকনৰ বিষয়ে জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰা। এই পক্ষী বিধ প্ৰতি বছৰে অক্টোবৰৰ শেষ সপ্তাহত বা নৱেম্বৰৰ প্ৰথম সপ্তাহত ডিমা হাচাওত বাস কৰিবলৈ আহে।
সজাগতাৰ অভাৱৰ বাবে এই চৰাইবোৰক খাদ্য বা খেল আৰু ধেমালিৰ বাবে হত্যা কৰা হৈছিল। যিবোৰক এয়াৰ গান বা গুল্টি ব্যৱহাৰ কৰি হত্যা কৰা হৈছিল। কিন্তু বিভিন্ন বেচৰকাৰী সংগঠন আৰু বন বিভাগৰ অত্যন্ত প্ৰচেষ্টাত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰি পক্ষী হত্যা ৰোধ কৰা হৈছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/dispur-super-market-bridge-split-in-guwahati/4269/
Discussion about this post