ব্যৱসায়ী আৰু বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty Kundra) স্বামী ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰত জামিন লাভ। তেওঁ সম্পূৰ্ণ ৬২ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি হৈ আহিছে। ৰাজ কুন্দ্ৰাৰ (Raj Kundra) বিৰুদ্ধে পৰ্ণ ফিল্ম নিৰ্মাণ আৰু ছবিসমূহ এটা এপৰ জৰিয়তে প্ৰকাশ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।
ৰাজক ৫০,০০০ টকাৰ বণ্ডৰ পিছত জামিন দিয়া হৈছে। ৰাজৰ প্ৰথমখন ফটো ছচিয়েল মিডিয়াত অহাৰ লগে লগে ভাইৰেল হৈ পৰিছে। ৰাজৰ অৱস্থা দেখি এতিয়া সকলো হতবাক হৈ পৰিছে।
ৰাজু কুন্দ্ৰাৰ ফটো আহিছে পোহৰলৈ
ফটোসমূহত ৰাজ কুন্দ্ৰাক (Raj Kundra) যথেষ্ট দুৰ্বল দেখা গৈছে। তেওঁৰ চকু তললৈ নামি আছিল, আনহাতে তেওঁ ঢিলা পোছাক পিন্ধি আছে। হাতত প্লাষ্টিকৰ মোনা লৈ সংবাদ মাধ্যমৰ মাজত দেখা গৈছিল। তেওঁৰ কপালত এটা ৰঙা ফুটো লগাইছিল, যিটোৰে বুজিব পাৰি যে তেওঁ জেলৰ পৰা ওলোৱাৰ লগে লগে ভগৱানৰ আৰ্শীবাদ লৈছিল। ৰাজ কুন্দ্ৰাই গাড়ীত বহি থকা ফটোও ভাইৰেল হৈ আছে। তেওঁক কেইখনমান ফটোত অশান্তিত থকা দেখা পোৱা গৈছে। ৰাজ কুন্দ্ৰাৰ এনে অৱস্থা আগতে কোনেও দেখা নাছিল।
কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত ৰাজ কুন্দ্ৰাক দেখা গৈছিল
ৰাজ কুন্দ্ৰা (Raj Kundra)ক শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল দেখা পোৱা গৈছে। সংবাদ মাধ্যমৰ পৰা আঁতৰি তেওঁ নিজৰ ঘৰৰ ফালে আগবাঢ়িছিল। ইফালে সংবাদ মাধ্যমৰ এটাও প্ৰশ্নৰ উত্তৰ দিয়া নাছিল ৰাজ কুন্দ্ৰাই। ফটোবোৰত ৰাজক বহুত আৱেগিক যেন লাগিছে।
ৰাজক ১৯ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল
উল্লেখ্য ৰাজ কুন্দ্ৰাক (Raj Kundra) আৰক্ষীয়ে ১৯ জুলাইত গ্ৰেপ্তাৰ কৰিছিল যাৰ পিছত তেওঁ নিৰন্তৰ আইনী ব্যৱস্থাৰ সন্মুখীন হৈ আহিছিল। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ চলচ্চিত্ৰ নিৰ্মাণ আৰু সেইবোৰ ৱেব এপ্লিকেচনত প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত কেইবাগৰাকীও অভিনেত্ৰীয়েও ৰাজৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। এই নামসমূহত অন্তৰ্ভুক্ত আছিল শ্বেৰলিন চোপ্ৰা আৰু পুনম পাণ্ডেৰ নাম। এই প্ৰসংগত শিল্পা (Shilpa Shetty)কো প্ৰশ্ন কৰা হৈছিল য’ত তেওঁ স্পষ্টভাৱে কৈছিল যে এই প্ৰসংগটোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। শিল্পা চেট্টীয়ে আনকি কৈছিল যে তেওঁ এই বিষয়ে জ্ঞাত নাছিল।
Photo: Google
Discussion about this post