শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী আৰু ব্যৱসায়ী ৰাজ কুন্দ্ৰাই (Raj kundra) কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছৰে পৰা এটা low প্ৰ’ফাইল সৃষ্টি কৰি আহিছে। ৰাজ কুন্দ্ৰাক (Raj kundra) যোৱা বছৰ মুম্বাই আৰক্ষীয়ে এটা Adult চলচ্চিত্ৰ ৰেকেটৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। ছেপ্টেম্বৰত, ৰাজে আৰ্থাৰ ৰোড কাৰাগাৰত দুমাহ কটোৱাৰ পিছত কাৰাগাৰৰ পৰা ওলাই আহিছিল আৰু তেতিয়াৰ পৰা তেওঁ পাপাৰাজি আৰু সংবাদ মাধ্যমৰ দৃষ্টিৰ পৰা বাচিবলৈ চেষ্টা কৰা দেখা গৈছিল।
এই বিষয়ে কথা পাতি, ব্যৱসায়ী ৰাজ কুন্দ্ৰাক অলপতে তেওঁৰ জেকেটত সম্পূৰ্ণৰূপে মুখ ঢাকি থকা দেখা গৈছিল (Raj Kundra Wear Different Type Of Jacket)। তেওঁৰ অদ্ভুত পোছাকে কিম কাৰ্দাচিয়ানৰ মেট গালা ২০২১ৰ লুকৰ কথা মনত পেলাই দিছিল। অৱশ্যে, কুন্দ্ৰাৰ মুখ ঢাকি ৰখাৰ বাবে বেয়াকৈ ট্ৰ’ল কৰা হৈছে। Paparazziৰ দ্বাৰা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত, ৰাজ কুন্দ্ৰাক তেওঁৰ গাড়ীৰ পৰা ওলাই অহা দেখা গৈছিল, য’ত তেওঁ ক’লা জেকেট পিন্ধি আছিল আৰু সেই ক’লা জেকেটটোৰে সম্পূৰ্ণ মুখখন ঢকা আছিল।
Watch Video-
তেওঁ ভিডিঅ’টোত funky sheds (চশমা) পিন্ধি আছিল। ৰাজ কুন্দ্ৰাই তেওঁৰ পৰিয়ালৰ সৈতে PVRত উপস্থিত হৈছিল য’ত তেওঁ সংবাদ মাধ্যমৰ বাবে পোজ দিবলৈ ৰোৱা নাছিল, যিসকল paparazzi গোট খাইছিল তেওঁলোকে ফটো ক্লিক কৰা দেখা গৈছিল। ভিডিঅ’টো অনলাইনত প্ৰকাশ হোৱাৰ লগে লগে, মানুহে ৰাজ কুন্দ্ৰাক মুখ ঢাকি ৰখাৰ বাবে বেয়াকৈ ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, “এনেকুৱা কাম কৰিলোটো মুখ ঢাকিবই লাগিব।”আন এজনে লিখিছিল, “এইজনে দেখোন মুখখন দেখুওৱাবলৈ যোগ্যই নৰ’ল। এজন তৃতীয় ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া দিছিল, “যেতিয়া মুখখন দেখুওৱাৰ যোগ্য নহ’ল” তেওঁ নিজকে পোছাকত পৰিণত কৰিলে।
ৰাজ কুন্দ্ৰাই (Raj kundra) এটা বিবৃতি জাৰি কৰি দাবী কৰিছিল যে তেওঁ কেতিয়াও তেওঁৰ জীৱনত অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু শ্বেয়াৰ কৰাত জড়িত নাছিল আৰু গোটেই খণ্ডটোক “witch hunt” বুলি অভিহিত কৰিছিল। তেওঁ ইতিমধ্যে তেওঁক দোষাৰোপ কৰাৰ বাবে সংবাদ মাধ্যমক সমালোচনা কৰিছিল। তেওঁ কৈছিল, “মই লাজত নিজৰ মুখ নুলুকাও, কিন্তু মই নিবিচাৰো যে এই নিৰন্তৰ মিডিয়া পৰীক্ষণৰ সৈতে মোৰ গোপনীয়তাত কোনো দখল নহওঁক। মোৰ প্ৰাথমিকতা সদায় মোৰ পৰিয়াল আছিল, এই মুহূৰ্তত আন একো গুৰুত্বপূৰ্ণ নহয়।”
Photo: Google
Discussion about this post