বলীউডৰ (Bollywood) অভিনেত্ৰী কেটৰিণা কাঈফ (KATRINA KAIF) আৰু বিকি কৌশলৰ (VICKY KAUSHAL) বিয়া। ডিচেম্বৰত বিবাহ পাশত (Marriage) আৱদ্ধ হ’ব। এইহাল বলীউড যুটিৰ বিবাহৰ খবৰে এতিয়া চৰ্চাৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত।
কিন্তু এতিয়া পুনৰ চৰ্চালৈ আহিছে আন এক বিষয়। বিয়াৰ পাছত ক’ত থাকিব কেটৰিণা (KATRINA KAIF) আৰু বিকি (VICKY KAUSHAL)! খবৰ অনুসৰি বিয়াৰ পাছত ক্ৰিকেটাৰ বিৰাট কোহলী (Virat Kohli) আৰু বলিউড অভিনেত্ৰী অনুস্কা শৰ্মাৰ চুবুৰীয়া হ’ব তেওঁলোক। জুহুস্থিত প্লাছ হাই ৰাইজ ছ’চাইটিত এটা বিলাসী এপাৰ্টমেণ্ট ইতিমধ্যে বুক কৰিছে বিকি কৌশলে। সেই ছ’চাইটিতে থাকে বিৰুস্কাও।
জুহুৰ ৰাজমহলত বিকিয়ে ৫ বছৰৰ বাবে ভাড়ালৈ লৈছে এই বিলাসী এপাৰ্টমেণ্টটো। বিগত জুলাই মাহতে ৮ মহলীয়া এপাৰ্টমেণ্টটো ভাড়ালৈ লয় বিকিয়ে। ইতিমধ্যে বিকিয়ে এপাৰ্টমেণ্টটোৰ বাবে ১ কোটি ৭৫ লাভ টকা চিকিউৰিটি মানি হিচাপত জমা দিছে। এপাৰ্টমেণ্টটোৰ বাবে বিকি আৰু কেটৰিণাই প্ৰথম তিনি বছৰ মাহে ৮ লাখ টকাকৈ ভাড়া পৰিশোধ কৰিব লাগিব। তাৰ পৰৱৰ্তী বৰ্ষত মাহে ৮ লাখ ৪০ হাজাৰ টকাকৈ আৰু পঞ্চম বৰ্ষত মাহে ৮ লাখ ৮২ হাজাৰ টকাকৈ ভাড়া পৰিশোধ কৰিব লাগিব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/oneplus-nord-2-blast-in-pocket-burned-owner-thigh/4300/
Discussion about this post