বলীউড অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা কেইগৰাকীমান মডেল ধাৰাবাহিকভাৱে চৰ্চাত আহি আছে।
এওঁলোকৰ প্ৰত্যেকেই গোচৰটোৰ বিষয়ে মতামত প্ৰদান কৰিছে, কিন্তু ৰাজ কুন্দ্ৰাৰ মূৰত এতিয়াও তৰোৱাল ওলমি থকা দেখা পোৱা গৈছে।
ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ ছবি নিৰ্মাণ কৰা আৰু এটা এপৰ জৰিয়তে ছবিসমূহৰ ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজৰ বিষয়ে কোন গৰাকী মডেলৰ কি মতামত? আহক জানো।
পুনম পাণ্ডে – শেহতীয়াকৈ পুনম পাণ্ডেৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত তেওঁ কেইবাটাও কথা খোলোচা কৰে। পুনম পাণ্ডে(Poonam Pandey)ই এই কথাটোও প্ৰকাশ কৰিছিল যে, তেওঁৰ এপটো ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ দ্বাৰাই তত্ত্বাৱধান কৰা হয়। ইয়াৰোপৰি পুনমে কৈছিল যে, তেওঁক ভাবুকি দি এটা কনট্ৰেক্ট ছাইন কৰোৱা হৈছিল আৰু সেই অনুসৰিয়েই তেওঁ শ্বুট কৰিব লাগিব, পোজ কৰিব লাগিব আৰু তেওঁৰ ইচ্ছা অনুসৰিয়েই দেখা পাব লাগিব। এইবোৰ কাম নকৰিলে ৰাজে তেওঁৰ ব্যক্তিগত বস্তু লিক কৰি দিব।
গেহনা বশিষ্ঠ – OTTত উপলব্ধ যথেষ্ট বোল্ড ৱেব ছিৰিজ ‘গণ্ডী বাদ’ৰ মুখ্য অভিনেত্ৰী গেহনা বশিষ্ঠ (Gehana Vasisth) এই গোচৰটোৰ আৰম্ভণিৰে পৰা ৰাজ কুন্দ্ৰাৰ সমৰ্থনত দেখা গৈছিল। তেওঁ ৰাজ কুন্দ্ৰাক সমৰ্থন জনাই কয় যে, যি ভিডিঅ’ৰ বিষয়ে আলোচনা কৰা হৈছে সেইবোৰ অত্যন্ত বোল্ড কনটেণ্টৰ শ্ৰেণীৰ অন্তৰ্গত। কিন্তু সেই চলচ্চিত্ৰসমূহক পৰ্ণগ্ৰাফীৰ শ্ৰেণীত ৰাখিব নোৱাৰি। আপোনালোকক জনাও যে, গেহনাই এই গোচৰটোত ৫ মাহ জেল খাতি আহিছে।
শ্বেৰলিন চোপ্ৰা – প্লে’ বয় আলোচনীৰ কভাৰ গাৰ্ল শ্বেৰলিন চোপ্ৰায়েও শেহতীয়াকৈ সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা ভিডিঅ’ মুকলি কৰিছে। এই ভিডিঅ’টোত, শ্বেৰলিন চোপ্ৰাই কৈছিল যে, তেওেঁ মহাৰাষ্ট্ৰৰ চাইবাৰ চেলক তেওঁৰ বক্তব্য দিছিল। শ্বেৰলিনে এই ভিডিঅ’টোত পুনম পাণ্ডেক সমালোচনা কৰি কৈছিল যে, তেওঁ এই বিষয়টো পোহৰলৈ অহাৰ পিছত ক’তো পলাই যোৱা নাছিল।
সাগৰিকা সোনা সুমন – সাগৰিকাৰ নামে সেই সময়ত শিৰোনাম দখল কৰিছিল যেতিয়া তেওঁ ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে নগ্ন অডিচন বিচৰা বুলি অভিযোগ উত্থাপন কৰিছিল। সাগৰিকাই এটা ভিডিঅ’ত কৈছিল যে, তেওঁক এটা ৱেব চিৰিজৰ বাবে ভিডিঅ’ কলৰ জৰিয়তে অডিচন দিবলৈ কোৱা হৈছিল। সাগৰিকাই কৈছিল যে, তিনিজন লোকে তাইৰ পৰা নগ্ন অডিচন বিচাৰিছিল, তেওঁলোকৰ মাজত এজন আছিল ৰাজ কুন্দ্ৰা।
পুনীত কৌৰ – আন মডেলৰ দৰে, You Tuber পুনীত কৌৰেয়েও এই কথা প্ৰকাশ কৰিছে যে, ৰাজ কুন্দ্ৰাই মোবাইল এপ হটশ্বটত কাম কৰিবলৈ তেওঁক সম্পৰ্ক কৰিছিল।
Photo: Google




























Discussion about this post