মুম্বাই ড্ৰাগছ গোচৰ (Mumbai Drugs Case)ত, আৰয়ান খানসহ (Aryan Khan) ৮জন অভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আদালতে এনচিবিক ৰিমাণ্ড দিবলৈ অস্বীকাৰ কৰি কয়, জিম্মাত ৰাখি জেৰা কৰাৰ কোনো প্ৰয়োজন নাই। লগতে আৰয়ান খানৰ উকীল সতীশ মানশিন্দেও আদালতত জামিনৰ আবেদন দাখিল কৰিছে। জামিনৰ শুনানি বিশেষ এনডিপিএছ আদালতত কৰা হ’ব।
চেটৰ ৰহস্য কি?
আদালতত ৰক্ষক পক্ষই আৰু এনচিবিৰ ফালৰ পৰা, ASGয়ে চেটৰ বিষয়ে যুক্তি দৰ্শাইছিল। আনহাতে প্ৰতিৰক্ষা পক্ষৰ হৈ মনশিন্দে কৈছিল যে বাৰ্তালাপটো ফুটবলৰ বিষয়ে আছিল, ড্ৰাগছৰ বিষয়ে নহয়, আনহাতে এএছজিয়ে চেটটোৰ বিষয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, চেটটোৱে পোনপটীয়াকৈ ড্ৰাগৰ ফালে আঙুলিয়াই। শুনানিৰ সময়তে এএছজিয়ে আদালতক আন এটা গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰিছিল যিটো আধা ঘণ্টা আগতে কৰা হৈছিল আৰু কৈছিল যে সকলো অভিযুক্ত ইজনে সিজনৰ সৈতে জড়িত আছিল।
Photo: Google
Discussion about this post