ছুপাৰষ্টাৰ অভিনেতা Puneeth Rajkumarৰ আজি পুৱা জিমত ব্যায়াম কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। সংবাদ সংস্থা IANSৰ টুইট অনুসৰি, অৱস্থাৰ অৱনতি ঘটাৰ পিছত তেওঁক বাংগালুৰুৰ বিক্ৰম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসা স্বত্বেও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বসবৰাজ এছ বোম্মাই অভিনেতাজনক চাবলৈ চিকিৎসালয়ত উপস্থিত আছিল।
পুনীত সিদ্ধাৰ্থতকৈ মাত্ৰ ৬ বছৰ ডাঙৰ আছিল
পুনীত ৰাজকুমাৰে (Puneeth Rajkumar) মাত্ৰ ৪৬ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে। অভিনেতা সিদ্ধাৰ্থ শুক্লাৰো (Sidharth Shukla) বয়স মাত্ৰ ৪০ বছৰ আছিল যেতিয়া তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। সিদ্ধাৰ্থ শুক্লায়ো (Sidharth Shukla) জিম আৰু ৱৰ্কআউট যথেষ্ট ভাল পাইছিল। শেহতীয়াকৈ, অত্যাধিক ব্যায়াম কৰা সকলৰ হৃদআক্ৰমণ হোৱাৰ বহু ঘটনা পোহৰলৈ আহিছে।
ব্যায়াম কৰোতে আহিল হাৰ্ট এটেক
কানাড়া চলচ্চিত্ৰৰ ছুপাৰষ্টাৰজনক শেষবাৰৰ বাবে Yuvarathnaa চলচ্চিত্ৰত কাম কৰা দেখা গৈছিল। এটা কানাড়া ৱেবছাইটৰ ৰিপৰ্টৰ অনুসৰি পুনীত (Puneeth Rajkumar)ৰ জ্যেষ্ঠ ভাতৃ আৰু অভিনেতা শিৱৰাজকুমাৰ আৰু য়ছো সেই সময়ত তাত আছিল যেতিয়া পুনীতৰ মৃত্যু হৈছিল। পুনীতৰ (Puneeth Rajkumar) আকস্মিক মৃত্যুয়ে চলচ্চিত্ৰ উদ্যোগক হতবাক কৰি তুলিছে কিয়নো তেওঁক শেহতীয়াকৈ শিৱৰাজ কুমাৰৰ ‘বজৰংগী’ ২ৰ প্ৰচাৰ কৰা দেখা গৈছিল।
Heartbroken 💔
Will always miss you my brother. #PuneethRajkumar— sonu sood (@SonuSood) October 29, 2021
Saddened to hear about the passing away of #PuneethRajkumar . Warm , and humble, his passing away is a great blow to Indian cinema. May his soul attain sadgati. Om Shanti. pic.twitter.com/YywkotiWqC
— Virender Sehwag (@virendersehwag) October 29, 2021
অন্তিমবাৰ ৬ ঘণ্টা আগতে কৰিছিল টুইট
পুনীত ৰাজকুমাৰে (Puneeth Rajkumar) আজি পুৱাই টুইট কৰি ছবিখনৰ শুভকামণা কৰিছিল। To৬ ঘণ্টা আগৰ তেওঁৰ অন্তিম টুইটটো দেখি, এইটো বিশ্বাস কৰা কঠিন যে অভিনেতাজন এতিয়া এই পৃথিৱীত নাই। বহু কিংবদন্তী তাৰকাই পুনীতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। অভিনেতা ছনু ছুডে (Sonu Sood) লিখিছে, ‘হৃদয় ভাঙি গৈছে। তোমাৰ সদায় মনত পৰিব ভাই।’
Extremely sad to know of the passing away of our dear #PuneethRajkumar . My heartfelt condolences to his family, friends and fans. I request his fans to maintain calm and pray for his Sadgati in this excruciating time for the family. Om Shanti 🙏🏼 pic.twitter.com/T3WsUnBS7n
— Venkatesh Prasad (@venkateshprasad) October 29, 2021
বীৰেন্দ্ৰ ছেহৱাগে টুইট কৰি শোক প্ৰকাশ কৰিছে
প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে (Virendra Sehwag) টুইট কৰিছে, ‘পুনীত ৰাজকুমাৰ (Puneeth Rajkumar) মৃত্যুৰ কথা শুনি হৃদয়ত গভীৰভাৱে আঘাত পাইছো। কিমান ভাল আৰু শালীন মানুহ, তেওঁৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক ডাঙৰ আঘাত। তেওঁৰ আত্মাই শান্তি লাভ কৰক। ওম শান্তি।’ একেদৰে ভেঙ্কটেশ প্ৰসাদেও পুনীতৰ মৃত্যুত টুইট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/drunn-police-worker-watch-video-at-rangia/4033/
Discussion about this post