Honey Singh Domestic Voilence: এই কেইদিনমান পৰা ৰেপৰ, পপ ছিংগাৰ আৰু মিউজিক কম্পোজাৰ য়ো য়ো হানি সিঙে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
হানি সিঙৰ পত্নী শালিনীয়ে তেওঁক ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰিছে। শালিনীয়ে দিল্লীৰ তীজ হাজাৰী আদালতত হানি সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইয়াৰ ঠিক পিছতে, আদালতে হানি সিঙৰ বিৰুদ্ধে এক জাননী জাৰি কৰি উত্তৰ বিচাৰিছে আৰু ইয়াৰ ওপৰত এতিয়া হানি সিঙে গুৰুত্ব দিব লাগিব।
শালিনীয়ে হানি সিঙৰ বিৰুদ্ধে মাৰপিট কৰা, মানসিক অশান্তি দিয়া আৰু আৱেগিক অত্যাচাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। য়ো য়ো হানি সিঙৰ প্ৰকৃত নাম হৃদেশ সিং, শালিনীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁক হৃদেশ, তেওঁৰ পিতৃ-মাতৃ আৰু সৰু ভনীয়েকে শোষণ কৰিছিল।
ইয়াৰ লগতে, শালিনীয়ে খোলোচা কৰিছে যে, হানি সিং আৰু শালিনীৰ সম্পৰ্ক তেওঁলোকৰ হানীমুনৰ সময়ৰ পৰাই অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। শালিনীয়ে ক’লে, হানিমুনৰ দিনৰ পৰা কেইবাবাৰো তেওঁৰ ওপৰত হাত উঠাইছিল হানি সিঙে।
আপোনালোকৰ জ্ঞাতাৰ্থে হানি সিং আৰু শালিনীয়ে ২০১১ৰ ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল। কিছুদিন পূৰ্বে দশম বিবাহ বাৰ্ষিকী উদযাপন কৰিছিল। শালিনীৰ আবেদনত উল্লেখ আছে যে, হানি সিঙে ড্ৰাগছ লৈছিল, অন্য মহিলাৰ সৈতে সম্বন্ধ ৰাখিছিল।

শালিনীয়ে কোৱা অনুসৰি, হানি সিঙৰ আন বহু মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছে। শালিনীয়ে কৈছে যে, হানি সিঙে তাইক যিকোনো সংগীতানুষ্ঠান বা গান ভ্ৰমণত লগত লৈ যোৱাৰ বাবে বেয়াকৈ মাৰপিটো কৰিছিল।

ইয়াৰ লগতে শালিনীয়ে দাবী কৰিছে যে, হানি সিঙে এইটো কথা কয় এতিয়া তাইৰ বিবাহৰ আঙুঠি পিন্ধি নাথাকে যে, হীৰা পিন্ধাটো তেওঁৰ ভাগ্যৰ বাবে ভাল নহয়। আপোনালোকক জনাও যে, হানি সিঙে তেওঁৰ বিবাহক তিনি বছৰৰ বাবে লুকুৱাই ৰাখিছিল। ২০১৪ চনত হানি সিঙে প্ৰথমবাৰৰ বাবে শালিনীক অনুৰাগীসকলৰ সৈতে পৰিচয় কৰোৱাইছিল।
‘ডোপ ছোপ’, ‘ব্ৰাউন কালাৰ’, ‘লুংগি ডাঞ্চ’, ‘আজ ব্লু হে পানী পানী’ৰ দৰে গানে হানি সিঙক ৰাতিটোৰ ভিতৰতে চুপাৰষ্টাৰ কৰি তুলিছিল।
Photo: Google





























Discussion about this post