নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰো (NCB)য়ে যোৱা নিশা মুম্বাইৰ এখন ক্ৰুজত অভিযান চলাই ড্ৰাগছ পাৰ্টি কৰি থকা ৮জন লোকক জিম্মাত লয়। সংবাদ সংস্থা পিটিআই আৰু এএনআইৰ জৰিয়তে এই খবৰ জানিবলৈ পোৱা গৈছে।
খবৰ অনুসৰি, এই ৮ জন লোকৰ ভিতৰত অন্তৰ্ভুক্ত আছে বলীউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰো (Aryan Khan) নাম। প্ৰতিজন লোকৰ সৈতে এনচিবি (NCB) কাৰ্যালয়ত সোধা-পোছা কৰা হৈছে। আৰয়ান খানৰ (Aryan Khan) নাম অন্তৰ্ভুক্তিৰ পিছত গোচৰটো যথেষ্ট হাই প্ৰফাইল গোচৰ হৈ পৰিছে।
এনচিবিৰ এজন বিষয়াই জনোৱা অনুসৰি, আটক কৰাসকলৰ ভিতৰত দুগৰাকী মহিলাও আছিল। এনচিবি বিষয়াই সংবাদ সংস্থাসমূহক কৈছিল যে আটক কৰা সকলৰ ভিতৰত আৰয়ান খানৰ উপৰিও অন্য লোককেইজনৰ পৰিচয় ক্ৰমে মুনমুন ধামেচা, নুপুৰ চাৰিকা, ইসমিত সিং, মোহক জছৱাল, বিক্ৰান্ত ছোকৰ, গোমিত চোপ্ৰা আৰু আৰবাজ মাৰ্চেণ্ট।
শনিবাৰে সন্ধিয়া চলিছিল অভিযান
বাতৰি অনুসৰি, শনিবাৰে সন্ধিয়া অভিযানৰ সময়ত এমডিএমএ, এক্সটেচি, কোকেইন, এমডি (মেফেড্ৰন) আৰু চৰছৰ দৰে ড্ৰাগছ (Drugs) উদ্ধাৰ কৰা হয়। বিষয়াজনে কৈছিল যে এনচিবিয়ে এই পাৰ্টীৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। এনচিবিয়ে জনাইছে যে আটক কৰাসকলক এতিয়া আদালতত হাজিৰ কৰোৱা হ’ব।
এনচিবিয়ে চোৰাংচোৱা তথ্যৰ ওপৰত অভিযান চলায়
এনচিবিয়ে চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি অভিযান চলাইছে। আঞ্চলিক সঞ্চালক সমীৰ ৱানখেডেৰ নেতৃত্বত এনচিবিৰ এটা দলে শনিবাৰে সন্ধিয়া গোৱা অভিমুখী কৰ্ডেলিয়া ক্ৰুজ জাহাজ এখনত অভিযান চলায় আৰু পাৰ্টী কৰি থকা কিছুমান লোকৰ পৰা ড্ৰাগছো উদ্ধাৰ কৰে। বৰ্তমান গ্ৰেপ্তাৰ কৰা লোকসকলৰ জেৰা অব্যাহত।
Photo: Google
Discussion about this post