ছুপাৰষ্টাৰ শ্বাহৰুখ খান (Shah Rukh Khan)ৰ পুত্ৰ আৰয়ান খানে (Aryan Khan)আজি ২৫ দিনৰ পিছত জামিন লাভ কৰে। আৰয়ান (Aryan Khan)ৰ লগতে আৰবাজ আৰু মুনমুন ধামেচাকো জামিনত মুকলি কৰি দিয়া হ’ব। বোম্বাই উচ্চ ন্যায়ালয়ত বিগত তিনিদিন ধৰি জামিনৰ শুনানি চলি আছিল। বিষয়টো আজি সিদ্ধান্ত লোৱা হৈছে আৰু জামিনৰ ৰায়ৰ ওপৰত আদালতৰ এক বিতং প্ৰতিলিপি কাইলৈ আহিব।
জেলৰ পৰা বাহিৰলৈ আহিব
ড্ৰাগছ গোচৰত আৰয়ান খান (Aryan Khan)ৰ পক্ষত থকা অধিবক্তা মুকুল ৰোহতগীয়ে (Mukul Rohatagi) কয়, “বোম্বাই উচ্চ ন্যায়ালয়ে ৩ দিন ধৰি যুক্তি শুনাৰ পিছত আৰয়ান খান (Aryan Khan),আৰৱাজ মাৰ্চেণ্ট, মুনমুন ধামেচাক জামিনত দিয়া হৈছে। কাইলৈ বিতং আদেশ দিয়া হ’ব। আশা কৰা হৈছে যে কাইলৈ বা শনিবাৰলৈ আটাইকেইজন জেলৰ পৰা মুকলি হ’ব।
Bombay High Court grants bail to Aryan Khan in drugs-on-cruise case pic.twitter.com/MerVWcfpYZ
— ANI (@ANI) October 28, 2021
অলপ লাভ, অলপ লোকচান
মুকুল ৰোহতগীয়ে ক’লে, ‘আদালতৰ দ্বাৰা নিৰ্দেশ জাৰি কৰাৰ পিছত (আৰয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুম ধামেচা) কাৰাগাৰৰ পৰা ওলাই আহিব। মোৰ বাবে এইটো এটা স্বাভাৱিক ঘটনা – কিছু লাভ আৰু কিছু ক্ষতি। মই সুখী যে তেওঁ (আৰয়ান খানে) জামিন পালে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/rice-scam-at-biswanath-police-operation-in-assam/3995/
Discussion about this post