Drugs Case: নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (NCB)ৰ বিষয়া সমীৰ ৱাংখেডে (Sameer Wankhede)য়ে অভিনেতা চাংকী পাণ্ডেৰ জীয়ৰী অনন্যা পাণ্ডে (Ananya Panday)ক সোধা-পোছাৰ বাবে পলমকৈ অহাৰ বাবে ককৰ্থনা কৰে। সূত্ৰ অনুসৰি, অনন্যা পাণ্ডেই শুকুৰবাৰে হোৱা সোধা-পোছাতো পলম গৈছিল। যাৰ পিছত NCBৰ জোনেল পৰিচালকে প্ৰশ্ন আৰম্ভ কৰাৰ পূৰ্বে তেওঁক তীব্ৰ ককৰ্থনা কৰিছিল।
অনন্যা চাৰে তিনি ঘণ্টা পলমকৈ উপস্থিত হৈছিল
দৰাচলতে এনচিবিয়ে শুকুৰবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে অনন্যাক (Ananya Panday) সোধা-পোছাৰ বাবে মাতিছিল। এনচিবিয়ে অনন্যাক ১১ বজাৰ সময় দিছিল। কিন্তু এনে কৰাৰ পৰিৱৰ্তে, তেওঁ দুপৰীয়া ২.৩০ বজাত এনচিবি কাৰ্যালয়ত উপস্থিত হৈছিল। ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰেও অনন্যাক (Ananya Panday) এনচিবিয়ে (NCB) দুপৰীয়া ২ বজাত সোধা-পোছাৰ বাবে আহিবলৈ সময় দিছিল কিন্তু যেতিয়া তেওঁ আবেলি ৪ বজাত তাত উপস্থিত হৈছিল, এনচিবিয়ে তেওঁৰ জেৰা সম্পূৰ্ণ কৰিব পৰা নাছিল।
একেৰাহে দ্বিতীয় দিন পলমকৈ অহা বাবে ৱাংখেডে, শুকুৰবাৰে অনন্যা পাণ্ডেৰ (Ananya Panday) ওপৰত খং কৰিছিল আৰু তেওঁক আইনৰ গুৰুত্ব বুজাই দিছিল। ৱানখেডে অনন্যাক গালি পাৰি কৈছিল যে আপোনাক ১১ বজাত মতা হৈছিল আৰু আপুনি এতিয়া আহিছে, বিষয়াসকল আপোনাৰ বাবে অপেক্ষা কৰি বহি থকা নাই। এইটো কোনো প্ৰডাকচন হাউছ নহয়, এইটো এটা কেন্দ্ৰীয় সংস্থাৰ কাৰ্যালয়, সেয়েহে আপোনাক যিমান বজাত মাতো সেই সময়তে আহি যোৱা কৰিবা।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/non-assamese-businessman-misbehaved-to-assamese-man-at-jorhat/3825/
Discussion about this post