অসম সন্তান আদিল হুছেইনক এইবাৰ সংস্কৃতি বিৰোধী বুলি আখ্যা দি টুইটাৰত ট্ৰেণ্ড চলোৱা দেখা গৈছে। বলিউডৰ অভিনেত্ৰী ৰাধিকা আপ্তেৰ সৈতে এখন নগ্ন আলোকচিত্ৰৰ বাবে সমালোচনাৰ সমুখীন হৈছে আদিল হুছেইন। টুইটাৰত আদিল হুছেইন আৰু ৰাধিকা অভিনীত এখন চিনেমাৰ এখন ছবি ভাইৰেল হৈ পৰিছে। লগতে ‘Boycott Radhika Apte’ ট্ৰেণ্ডিং হৈ আছে। কাৰণটো হৈছে পাৰ্ছড নামৰ এখন পুৰণি চিনেমাৰ কেইখনমান আলোকচিত্ৰ। যত দুয়োকে অন্তৰংগ অৱস্থাত থকা দেখা গৈছে।
আমাৰ দেশৰ আটাইতকৈ সমালোচকৰ দ্বাৰা প্ৰশংসিত অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী ৰাধিকা আপ্তে। লগতে অসমৰ অভিনেতা আদিল হুছেইনো বলীউডত সমানেই চৰ্চিত আৰু প্ৰসংশিত। যদিও অভিনেত্ৰী ৰাধিকা আপ্তেৰ কোনো শেহতীয়া চলচ্চিত্ৰ মুক্তি বা আহিবলগীয়া প্ৰকল্প নাই, তথাপিও তেওঁ সামাজিক মাধ্যমত চৰ্চাৰ শীৰ্ষত। কাৰণটো হ’ল Parched চলচ্চিত্ৰখনৰ পৰা তেওঁলোকৰ পুৰণি লিক হোৱা ছবিবোৰ। পাৰ্ছড চিনেমাত আদিল হুছেইন আৰু তন্নিষ্ঠা চেটাৰ্জীৰ সৈতে ৰাধিকাৰ অৰ্ধনগ্ন আৰু প্ৰেমৰ দৃশ্য দেখুওৱা হৈছে। সেই ফটোবোৰ ভাইৰেল কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কয়, “তেওঁলোক আমাৰ সংস্কৃতিৰ বিৰোধী।”
আন এজনে টুইট কৰিছে, “তেওঁলোকৰ চিনেমাবোৰ ইমান বেয়া যে মই ফটো ভিডিঅ’ ৰাখিবও নোৱাৰো। বিষয়টো হ’ল তেওঁলোকে অশ্লীলতা বিয়পাইছে, দেশৰ স্বাৰ্থত তেওঁলোকক বৰ্জন কৰিছে।
এই কথাই এতিয়া বলিউডত এক মৃদূ আলোড়নৰ সৃষ্টি কৰিছে। কাৰণ সেই চিনেমাখন বহু পুৰণি।
Discussion about this post