বলীউড অভিনেতা এজাজ খানৰ আজি জামিন নাকচ কৰা হয়। অভিনেতাগৰাকীক চলিত বৰ্ষৰ মাৰ্চ মাহত NCBয়ে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। আজি মুম্বাইৰ Esplanade Courtত এই গোচৰৰ শুনানি আছিল।
ড্ৰাগছৰ গোচৰত ড্ৰাগছ সৰবৰাহকাৰী শাদাব বটাটাৰ গ্ৰেপ্তাৰৰ পিছতে অভিনেতা এজাজ খানৰ নামো পোহৰলৈ আহিছিল। এজাজ খানৰ বিৰুদ্ধে বটাটা গেঙৰ অংশ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
Actor Ajaz Khan's bail application rejected by Mumbai's Esplanade Court. He was arrested in connection with a drugs case.
— ANI (@ANI) July 6, 2021
অনুসন্ধানকাৰী সংস্থাটোৱে এজাজৰ ঘৰৰ পৰা ৪.৫ গ্ৰাম এল্পোজোল টেবলেট উদ্ধাৰ কৰিছিল কিন্তু গ্ৰেপ্তাৰ হোৱাৰ কাৰণ আছিল বটাটা গেঙৰ সৈতে সম্পৰ্ক। এনচিবিয়ে আদালতত কৈছিল যে, ড্ৰাগছৰ গোচৰত শাদাব বটাটা আৰু এজাজ খানৰ মাজত সম্পৰ্ক পোৱা গৈছিল। এনচিবিয়ে ক’লে যে, আমি হোৱাটছএপ চেট লাভ কৰিছো, ভইচ নট পাইছো যিয়ে নিশ্চিত কৰে যে এজাজ খান ড্ৰাগছৰ গোচৰত জড়িত হৈ আছে।
আপোনালোকক জনাও যে, বলীউডৰ তাৰকাসকলক ড্ৰাগ্ছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে শাদাব বটাটাৰ বিৰুদ্ধে। ফাৰুখে আৰম্ভণিতে আলু বিক্ৰী কৰিছিল। সেই সময়ত সি আণ্ডাৰৱৰ্ল্ডৰ কিছুমান লোকৰ সম্পৰ্কলৈ আহিছিল আৰু আজিৰ দিনত ফাৰুখ এজন ডাঙৰ ড্ৰাগ্ছ পেডলাৰ।
Photo: Google
Discussion about this post