বলীউড অভিনেতা আমিৰ খানে তেওঁৰ দ্বিতীয় পত্নী কিৰণ ৰাওৰ পৰা বিবাহ বিচ্ছেদ কৰাৰ কথা ঘোষণা কৰিছে।
আমিৰ খান আৰু কিৰণ ৰাৱে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ শ্বেয়াৰ কৰি এটা যুটীয়া বিবৃতি জাৰি কৰিছে।
আমিৰ আৰু কিৰণৰ বিবাহ বিচ্ছেদৰ খবৰ অনুৰাগীসকলৰ বাবে অত্যন্ত আচৰিত। আমিৰ আৰু কিৰণে ১৫ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকে ক’লে যে, আমাৰ ব্যৱসায়িক সম্পৰ্ক অব্যাহত থাকিব। ইয়াৰ উপৰিও আমি সন্তানৰ ভৰণ-পোষণো একেলগে মিলি কৰিম।
আমিৰ খান-কিৰণ ৰাৱৰ যুটীয়া বিবৃতি
আমিৰ খান আৰু কিৰণ ৰাৱে তেওঁলোকৰ বিবৃতিত লিখিলে, “এই ১৫টা সুন্দৰ বছৰত, আমি একেলগে জীৱনজোৰা অভিজ্ঞতা, আনন্দ আৰু সুখ ভাগ বতৰা কৰিছো। আমাৰ সম্পৰ্ক কেৱল বিশ্বাস, সন্মান আৰু প্ৰেমত বৃদ্ধি পাইছে। এতিয়া আমি আমাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো। স্বামী আৰু পত্নী হিচাপে নহয়, সহ-পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপেহে। আমি কিছু সময় আগতে বিচ্ছেদ হোৱাৰ পৰিকল্পনা কৰিছিলো। এতিয়া এই ব্যৱস্থাটো আনুষ্ঠানিক ৰূপ দিয়াত সহজ অনুভৱ কৰিছো।”
তেওঁলোকে আগলৈ লিখিলে, ‘আমি দুয়ো পৃথকে বাস কৰা স্বত্বেও আমি আমাৰ জীৱনটো এটা সম্প্ৰসাৰিত পৰিয়ালৰ দৰে শ্বেয়াৰ কৰিম। আমি আমাৰ পুত্ৰ আজাদৰ প্ৰতি সমৰ্পিত পিতৃ-মাতৃ, যাক আমি একেলগে মিলি ডাঙৰ-দীঘল কৰিম। আমি চলচ্চিত্ৰ, পানী ফাউণ্ডেচন আৰু অন্যান্য প্ৰকল্পৰ ক্ষেত্ৰতো সহযোগী হিচাপে কাম কৰি যাম যাৰ বিষয়ে আমি আন্তৰিকতাৰে চিন্তা কৰো।
বিবৃতিটোত লগতে কোৱা হৈছে, “আমাৰ সম্পৰ্কত নিৰন্তৰ সমৰ্থন আৰু বুজাবুজিৰ বাবে আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গক বহুত ধন্যবাদ যাৰ অবিহনে আমি এই পদক্ষেপ লোৱাত ইমান সুৰক্ষিত অনুভৱ নকৰোঁ। আমি আমাৰ শুভাকাংক্ষীসকলৰ পৰা শুভকামনা আৰু আশীৰ্বাদ আশা কৰোঁ আৰু আশা কৰোঁ যে আমাৰ দৰে আপুনিও এই বিবাহ বিচ্ছেদক সমাপ্তি হিচাপে নহয়, কিন্তু এক নতুন যাত্ৰাৰ আৰম্ভণি হিচাপে চাব। ধন্যবাদ আৰু মৰম, কিৰণ আৰু আমিৰ।”
প্ৰথম সাক্ষাৎ
আমিৰ খানে সহকাৰী পৰিচালক হৈ থাকোতে ‘লগান’ বোলছবিখনৰ ছেটত কিৰণক প্ৰথম লগ পাইছিল। আমিৰে প্ৰথম সাক্ষাতৰ বিষয়ে উল্লেখ কৰিছিল যে, এদিন কিৰণৰ ফোন আহিল আৰু তেওঁৰ সৈতে ৩০ মিনিট কথা পাতিছিল। কিৰণৰ সৈতে হোৱা বাৰ্তালাপৰ পিছত, তেওঁ কিয় জানো আনন্দেৰে জঁপিয়াইছিল।
Photo: Google
Discussion about this post