আজি আৰু কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022)। সমগ্ৰ দেশতে এই উৎসৱ খুব ধুমধামেৰে উদযাপন কৰা হয়। দেৱালীৰ দিনা, দেৱী লক্ষ্মী, সৰস্বতী আৰু গণেশক এক অনন্য ধৰণে উপাসনা কৰা হয়।
লোকবিশ্বাস অনুসৰি দীপাৱলীৰ দিনটোত যিসকল লোকে লক্ষ্মী পূজা কৰে তেওঁলোকে গোটেই বছৰটো সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰে। কিন্তু তাৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে।
আহক জানো কি কি?-
১. দেৱালীৰ পূজাৰ বাবে উপাসনাৰ কাৰণে স্থাপন কৰা মূৰ্তিবোৰ পূবফালে মুখ কৰি ৰাখিব লাগে।
২. পূজা কৰাৰ আগতে আপোনাৰ ঘৰটো সম্পূৰ্ণকৈ চাফা কৰিব লাগে।
৩. দেৱালীত কাকোৱে চামৰাৰ উপহাৰ নিদিব। কাকো ফটকা উপহাৰ নিদিব। ইয়াক অশুভ বুলি গণ্য কৰা হয়।
৪. দেৱালীৰ সময়ত ঘৰত আমিষ খাদ্য প্ৰস্তুত নকৰিব। যিমান সম্ভৱ নিৰামিষ খাদ্যহে গ্ৰহণ কৰিব।
৫. দেৱালীৰ সময়ত সুৰা সেৱন নকৰিব।
৬. মা লক্ষ্মীৰ উপাসনাৰ সময়ত হাত তালি বজাব নালাগে। বৰ ডাঙৰ মাতত আৰতি গাব নালাগে। কোৱা হয় যে মা লক্ষ্মীয়ে কোলাহল বেয়া পায়।
৭. পৰিয়ালৰ সদস্যসকলৰ মাজত এই দুটাদিনত কোনো কাজিয়া কৰিব নালাগে।
৮. দেৱালীৰ দিন কেইটাত ধন সম্পৰ্কীয় কোনো কামত জড়িত নহ’ব। কেতিয়াও ঋণ নল’ব বা দেৱালী উৎসৱত ধাৰ নল’ব।
৯. দেৱালীৰ দুটা দিনত ৰাতিপুৱা দেৰিলৈকে শুই নাথাকিব।
১০. দেৱালীৰ দিনা কেতিয়াও নখ নাকাটিব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/youth-died-while-watching-ind-vs-pak-match/12423/
Discussion about this post