Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’
বশিষ্ঠ মন্দিৰতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উপলক্ষে প্ৰজ্বলন ১,১১,১১১ গচি বন্তি …
বিগত বৰ্ষৰ ২২ জানুৱাৰীৰ দিনা ডবা-শংখৰ ধ্বনি, পুৰোহিতৰ মন্ত্ৰোচাৰণৰ মাজৰেৰে অতি আৰম্বপূৰ্ণভাৱে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল ৰাম লালা ৷ দেশ-বিদেশৰ পৰা অগণন লোকে ৰাম লালাক এবাৰ কাষৰ পৰা চাবলৈ অযোধ্যালৈ দৌৰি আহিছিল ৷
অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ এটা বছৰ সম্পূৰ্ণ হ’ল । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত বুধবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত হয় । এই অনুষ্ঠানৰ অংশস্বৰূপে গুৱাহাটী মহানগৰীৰ বশিষ্ঠাশ্ৰম দেৱালয়তো অনুষ্ঠিত কৰা হয় এক বিশেষ কাৰ্যসূচী । ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা এই বিশেষ দিনটো ১,১১,১১১ গছি চাকি জ্বলাই উদযাপন কৰা হয়।
বশিষ্ঠৰ অজয় দে নামৰ এজন যুৱকৰ নেতৃত্বত বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি তথা বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ ৰাইজৰ সহযোগত প্ৰজ্বলন কৰা হয় এই চাকি । প্ৰজ্বলন কৰা চাকিৰে অংকন কৰা হয় শ্ৰীৰাম-সীতা, হনুমানৰ প্ৰতিচ্ছবি । লগতে ‘‘জয় শ্ৰী ৰাম’’ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ বশিষ্ঠাশ্ৰম দেৱালয় চৌহদ ।
২০২৪ চনৰ ২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনাও বশিষ্ঠ মন্দিৰৰ প্ৰাংগনত প্ৰজ্বলন কৰা হৈছিল এক লাখ গচি মাটিৰ চাকি ।
Discussion about this post