১৪৪ বছৰৰ পাছত মহা কুম্ভ মেলা ২০২৫ (Maha Kumbh Mela 2025) ….
২০২৫ চনৰ মহা কুম্ভ মেলা ১৩ জানুৱাৰী পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত অনুষ্ঠিত কৰা হ’ব।
কুম্ভ মেলাত হিন্দু ধৰ্মীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰিবলৈ সমবেত হয়। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ শান্তিপূৰ্ণ সমদল বুলি গণ্য কৰা হয়। উল্লেখযোগ্য যে ২০১৩ চনত এলাহাবাদত হোৱা মহা কুম্ভ মেলাত প্ৰায় ১০০ মিলিয়ন লোক সমবেত হৈছিল। কুম্ভ মেলা অনুষ্ঠিত হোৱা চাৰিখন ঠাইৰ প্ৰতিখনত বৃত্তীয় ক্ৰম অনুসৰি প্ৰতি তিনিবছৰৰ মূৰত অৰ্থাৎ একোখন ঠাইত ১২ বছৰৰ মূৰে মূৰে এই মেলা অনুষ্ঠিত হয়। এই ঠাইকেইখন হ’ল হৰিদ্বাৰ,এলাহাবাদ (এতিয়া প্ৰয়াগৰাজ), নাচিক আৰু উজ্জয়িনী। অৰ্ধ কুম্ভ মেলা ৬ বছৰৰ মূৰে মূৰে কেৱল দুঠাইত, হৰিদ্বাৰ আৰু এলাহাবাদত অনুষ্ঠিত হয়। এই ঠাইকেইখনত থকা পবিত্ৰ নদী কেইখন হ’ল ক্ৰমে উত্তৰাখণ্ডৰ হৰিদ্বাৰত গংগা, প্ৰয়াগৰাজত (এলাহাবাদ) গংগা, যমুনা আৰু পৌৰাণিক অদৃশ্য সৰস্বতীৰ সংগমস্থলী, মহাৰাষ্ট্ৰৰ নাচিকত গোদাবৰী আৰু মধ্যপ্ৰদেশৰ উজ্জয়িনীত সিপ্ৰা (Shipra)
সংস্কৃত তথা আন ভাৰতীয় ভাষা সমূহত কুম্ভ (বা কুম্ভা) শব্দৰ অৰ্থ হ’ল কলহ বা মাটিৰ পাত্ৰ। প্ৰবাদ মতে দেৱতা সকলে দুৰ্বাসা মুনিৰ অভিশাপত তেওঁলোকৰ শক্তি হেৰুৱাইছিল আৰু হেৰুৱা শক্তি উদ্ধাৰৰ বাবে তেওঁলোকে ভগৱান ব্ৰহ্মা আৰু ভগৱান শিৱৰ ওচৰ চাপে। ভগৱান ব্ৰহ্মা আৰু ভগৱান শিৱই দেৱতাসকলক ভগৱান বিষ্ণুৰ ওচৰলৈ পঠিয়ালে। বিষ্ণুৱে তেওঁলোকক খীৰ সাগৰ (Ksheera Sagara:ocean of milk) মন্থন কৰি অমৃত উলিয়াবলৈ উপদেশ দিলে। ইয়াৰ বাবে দেৱতা সকলে চিৰবৈৰী অসুৰ সকলৰ লগত একেলগে সমুদ্ৰ মন্থন কৰি অমৃত ওলালে সমভাগ কৰিম বুলি সন্ধি কৰিব লগা হ’ল। কিন্তু যেতিয়া অমৃতৰ পাত্ৰটো ওলাই পৰিল, তেতিয়া অমৃতৰ বাবে তেওঁলোকৰ মাজত যুদ্ধ হ’ল আৰু এই যুদ্ধ ১২ দিন আৰু ১২ ৰাতি চলিল (মানুহৰ বাবে ১২ বছৰ) এই যুদ্ধত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধৰি অমৃতৰ পাত্ৰটো লৈ উৰি গৈছিল আৰু তেতিয়াই কঢ়িয়াই অনা অমৃতৰ কলহৰ পৰা অমৃত বাগৰি পৰিছিল বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়। এই মেলা প্ৰায় দেৰমহীয়াকৈ অনুষ্ঠিত হয়। কুম্ভ মেলাত এই নদীকেইখনত স্নান কৰিলে পাপ মুক্ত হয় বুলি বিশ্বাস কৰা হয়।
প্ৰতিটো স্থানৰ উদযাপন সূৰ্য্য, চন্দ্ৰ আৰু বৃহস্পতিৰ জ্যোতিষীয় অৱস্থান এক সুকীয়া সময়ৰ ওপৰত ভিত্তি কৰি কৰা হয়। কিয়নো এই সময়খিনি হিন্দু ধৰ্মত আটাইতকৈ পবিত্ৰ সময় বুলি গণ্য কৰা হয়।
এইবাৰৰ মহা কুম্ভ মেলাৰ গুৰুত্বপূৰ্ণ শ্বাহী স্নান’ৰ (ৰাজযোগী স্নান) তাৰিখ হ’ল –
পৌশ পূৰ্ণিমা – ১৩-০১-২০২৫ (সোমবাৰ)
মকৰ সংক্ৰান্তি – ১৪-০১-২০২৫ (মঙ্গলবাৰ)
মৌনি অমাৱস্যা – ২৯-০১-২০২৫ (বুধবাৰ)
বসন্ত পঞ্চমী – ০৩-০২-২০২৫ (সোমবাৰ)
মাঘী পূৰ্ণিমা – ১২-০২-২০২৫ (বুধবাৰ)
মহাশিৱৰাত্ৰী – ২৬-০২-২০২৫ (বুধবাৰ)
কুম্ভ মেলা হৈছে জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ, আধ্যাত্মিকতা, আচাৰ-ব্যৱহাৰৰ বিজ্ঞান আৰু সামাজিক-সাংস্কৃতিক ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰৰ অন্তৰ্নিহিতভাৱে সন্নিৱিষ্ট কৰা এক অনুষ্ঠান। সঁচা অৰ্থত ই জ্ঞানৰ এক ভঁৰাল।
কুম্ভ মেলাৰ সময়ত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হয়; হাতী, ঘোঁৰা আৰু ৰথেৰে ‘পেশ্বৱাই’ নামৰ ৰঙ্গমঞ্চলৈ পৰম্পৰাগত শোভাযাত্ৰা, ‘শ্বাহী স্নান’ৰ সময়ত নগা সন্তসকলৰ জিলিকি থকা তৰোৱাল আৰু আন বহুতো সাংস্কৃতিক কাৰ্যসূচীয়ে লাখ লাখ তীৰ্থযাত্ৰীক কুম্ভমেলাত অংশগ্ৰহণ কৰিবলৈ আকৰ্ষণ কৰি আহিছে অতিজৰে পৰা।
Discussion about this post