“ডায়েৰী অব্ মণিপুৰ” ৰ চিনেমাত অভিনয় কৰিব মহা কুম্ভমেলাৰ মনালিছাই …
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৰ্তমান চলি থকা কুম্ভমেলাত সুন্দৰ চকু আৰু এটি মিঠা হাঁহিৰ বাবে সকলোৰে চকুৰ মণি হৈ পৰা মহাদেৱৰ অতি প্ৰিয় ৰুদ্ৰাক্ষৰ মালা বিক্ৰি কৰা মধ্যপ্ৰদেশৰ মহেশ্বৰৰ জীয়ৰী মনালিছাক এইবাৰ দেখা পোৱা যাব ৰূপালী পৰ্দাত। সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰা সুন্দৰী মনালিছাক চলচ্ছিত্ৰ পৰিচালক সনোজ মিশ্ৰই তেখেতৰ পৰৱৰ্তী চিনেমা “ডায়েৰী অব্ মণিপুৰ”ৰ বাবে চুক্তিবদ্ধ কৰিছে। চিনেমাখনত সুন্দৰী মনালিছাই মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে মনালিছাই বাধ্যত পৰি ১৫ দিনৰ ভিতৰতে কুম্ভমেলা ত্যাগ কৰিবলগীয়া হৈছিল। পৰিচালক সনোজ মিশ্ৰই মনালিছাৰ গাঁৱলৈ গৈ চিনেমাৰ বাবে তেওঁক চুক্তিবদ্ধ কৰিছে। মুম্বাইত মনালিছাক অভিনয়ৰ প্ৰশিক্ষণ দিব বুলিও সদৰী কৰিছে পৰিচালক গৰাকীয়ে। মণিপুৰত সৃষ্টি হোৱা গোষ্ঠী সংঘৰ্ষৰ আধাৰত নিৰ্মাণ কৰিবলগীয়া চিনেমাখনত অভিনেতা ৰাজকুমাৰ ৰাওৰ ককায়েক অমিত ৰাৱেও প্ৰথমবাৰলৈ অভিনয় কৰিব।
Discussion about this post