বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ১৯৩৮ চনৰ পৰা আৰম্ভ হোৱা পৰ্যটনে আন এক মৰ্যদা প্ৰদান কৰিছে ৷ কিয়নো বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সঘনাই বাঘ দেখাৰ সৌভাগ্য হৈছে পৰ্যটকৰ ৷ কেতিয়াবা পথৰ মাজে মাজে গহীন গম্ভীৰ খোজেৰে বাঘৰ বিচৰণৰ নয়নাভিৰাম দৃশ্য আন কেতিয়াবা আকৌ বাঘে হৰিণা চিকাৰৰ দৃশ্য বন্দী হৈছে পৰ্যটকৰ কেমেৰাত ৷ কাজিৰঙাত বৰ্তমান সময়ত বাঘ পৰ্যটনে এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
বাঘ পৰ্যটন সম্পৰ্কে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা গৰাকীয়ে কয় যে শেহতীয়াকৈ সোণালী বাঘ তথা বাঘ পৰ্যটনে সমাদৰ লাভ কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ৷
আনহাতে , ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰা কাজিৰঙাই অতিক্ৰম কৰিলে গৌৰৱ উজ্জ্বল ৫০টা বছৰ ৷ এই ৫০ টা বছৰৰ ভিতৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাই বহু পালে যদিও অন্তৰ্নিহিত হৈ থাকিল বহু হেৰুৱাৰ বেদনা৷
১৯০৫ চনত সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা কৰা কাজিৰঙাই স্বাধীনতাৰ পাছত লাভ কৰিলে আন এক স্বীকৃতি ৷ ১৯৫০ চনত কাজিৰঙাই পালে ৱাইল্ডলাইফ চেঞ্চুৰীৰ মৰ্যদা। কিন্তু সেই সময়ত কোনো বন আইন নাছিল বাবে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়ে জটিলতাই। যাৰবাবে অসম চৰকাৰে নিজাববীয়াকৈ ১৯৬৮ চনত অসম বন্যপ্ৰাণী সুৰক্ষা আইন বলৱৎ কৰে ৷
অৱশ্যে পৰৱৰ্তী সময়ত ১৯৭২ চনত বন্যপ্ৰাণী সুৰক্ষা আইন ৰাষ্ট্ৰীয় ভাৱে বলৱৎ কৰা হয়। ৷ ইয়াৰ পাছতে ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত আহিল ভাল খবৰটো ৷ কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ সেই বিশেষ দিনটোৰ পৰা বহু ঘাট প্ৰতিঘাটৰ মাজতো এক বৰ্ণিল অধ্যায় অতিক্ৰম কৰি ৫০ বছৰীয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷
এই ৫০টা বছৰৰ ভিতৰত ১০ টা সংযোজন সামৰি কাজিৰঙাৰ পৰিসৰ বৃদ্ধি পালে ৪২৫ বৰ্গ কিলোমিটাৰৰ পৰা ১,৩০০ বৰ্গ কিলোমিটাৰলৈ । ইয়াৰ পাছতে সুখবৰ কঢ়িয়াই জৈৱবৈচিত্ৰতাৰ প্ৰয়োভৰ আৰু গঁড়ৰ আৱাসভূমি হিচাবে ১৯৮৫ চনত ইউনেস্কই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যদা প্ৰদান কৰে কাজিৰঙাক ৷
আনহাতে গঁড় সংৰক্ষণৰ ইতিহাসত ১৯০৫ চনত ২০টাৰো কম সংখ্যক গঁড় থকা কাজিৰঙাত ১৯৬৬ চনৰ গণনা মতে গঁড়ৰ সংখ্যা বৃদ্ধি হয় ৪০০টালৈ ৷ এইক্ষেত্ৰত গঁড় সংৰক্ষণৰ ক্ষেত্ৰত সফলতা লাভ কৰা ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান গঁড়ৰ সংখ্যা ৩০০০ ৰৰো অধিক ৷
অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণী সংৰক্ষণৰ সফলতাৰ সম্পূৰ্ণ কৃতিত্ব প্ৰদান কৰিছে বনকৰ্মী সকলৰ ওপৰত ৷ বনকৰ্মী সকলৰ ত্যাগ আৰু কষ্টৰ বাবেহে বন্যপ্ৰাণী সংৰক্ষণত সফলতা লাভ কৰিছে কাজিৰঙাই ৷
Discussion about this post