ওৰাং ৰাষ্ট্ৰীয় উদ্যানত (Orang National Park) শোকাৱহ ঘটনা ৷ বাঘৰ আক্ৰণত নিহত হয় এগৰাকী বনকৰ্মী ৷ টহল দি থকা অৱস্থাতে জোৱানজনক চোঁচৰাই নিছিল বাঘে যোৱাকালি সন্ধিয়া (২৮ আগষ্ট) ঐতিহাসিক ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত এগৰাকী বনৰক্ষীক এটা ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয় ৷ ৰাইফলসহ বাঘে টানি লৈ যোৱা ধনমণি ডেকা নামৰ বনৰক্ষীগৰাকীৰ মৃতদেহ পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা হয় ৷ সন্ধিয়া সংঘটিত ঘটনাটোৰ পিছত নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাঁহিবাৰী শিৱিৰৰ কিছু নিলগত বন বিভাগে উদ্ধাৰ কৰে জোৱানজনৰ মৃতদেহ ৷
ঘটনাটো সংঘটিত হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ বিলপাৰ কেম্পৰ এলেকাত ৷ এগৰাকী সহকৰ্মীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল গেটৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত কৰ্তব্য পালন কৰাৰ সময়ত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই । উল্লেখ্য যে জোৱানজন নোহোৱা হোৱাৰ লগে লগে শুনা গৈছিল বাঘৰ গোজৰণি ৷ ফলত স্পষ্ট হৈছিল ধনমণি ডেকা নামৰ বনৰক্ষীগৰাকীক বাঘে চোঁচৰাই নিয়াটো ৷
এই অপ্ৰত্যাশিত আক্ৰমণৰ পিছত সমগ্ৰ উদ্যানখনত হাই এলাৰ্ট জাৰি কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ পিছতে নৰখাদক বাঘটোক লৈ অধিক আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷
Discussion about this post