ল’নক হ্ৰদ – ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশত ১৭,০০০ ফুট উচ্চতাত অৱস্থিত এটা হিমবাহৰ হ্ৰদ । খবৰ অনুসৰি নিশা ১:৩০ বজাত ল’নক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল লগতে মুষলধাৰ বৰষুণৰ ফলত ভয়ানকভাবে হ্ৰদটো ওফন্দি উঠে আৰু ল’নক হ্ৰদৰ পৰা বৈ যোৱা তিস্তা নদীয়ে কালান্তৰ ৰূপ লয়, তিস্তাৰ জলপৃষ্ঠ ১৫ ফুটৰ পৰা ২০ ফুট পৰ্যন্ত বৃদ্ধি পায়। আৰু ৰুদ্ৰ ৰূপ লোৱা তিস্তাই এফালৰ পৰা মহটিয়াই যায় দুয়ো পাৰ। তিস্তাৰ প্ৰবল বানে লাচেন উপত্যকাৰ হ্ৰদটোৰ পৰা ৫০ কি.মি. দূৰত থকা তিস্তা উৰ্জা বান্ধটোক (চুংথাম বান্ধ) উটুৱাই লৈ যায।
ডাৱৰ বিস্ফোৰণৰ মাত্ৰ ১০ মিনিটৰ ভিতৰতে সুউচ্চ বান্ধটো তিস্তাৰ বাঢ়নী পানীয়ে চূৰমাৰ কৰি পেলোৱাৰ পাচতে নামনি এলেকাত অধিক প্ৰলয়ৰ সূচনা কৰে।
ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে বিস্ফোৰণৰ ফলত হোৱা বানপানীত কমেও ১৪ জন লোকৰ মৃত্যু হৈছে আৰু ১০৪ জন নিৰুদ্দেশ হৈছে। বুধবাৰে পুৱা দুৰ্যোগৰ পিছত ২০১১ জন লোকক উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ অভিযান চলি আছে।
নিৰুদ্দেশ হোৱাসকলৰ ভিতৰত আছে ২২ জন সেনা জোৱান — এজনক বুধবাৰে নিশা উদ্ধাৰ কৰা হয়। এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ২০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩ হাজাৰৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰাৰ আশংকা। চুংথাঙৰ তিষ্টা ষ্টেজ ৩ (Teesta Stage 3 dam in Chungthang) মথাউৰিত কৰ্মৰত প্ৰায় ১২-১৪ জন শ্ৰমিক এতিয়াও মথাউৰিটোৰ সুৰংগত আবদ্ধ হৈ আছে।
কেন্দ্ৰীয় জল আয়োগে (CWC) এটা পোষ্টত মঙলবাৰে নেপালত হোৱা ভূমিকম্পৰ ফলত হ্ৰদটো বিস্ফোৰণ হ’ব পাৰে বুলি মত প্ৰকাশ কৰিছিল যদিও এই বিষয়ে বিতংভাৱে এতিয়ালৈকে একো কোৱা নাই।
Discussion about this post