শেহতীয়াকৈ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক সিদ্ধান্তই সচেতন ৰাইজ তথা প্ৰকৃতি প্ৰেমীক আচৰিত কৰি তুলিলে । যদি কোনো গছ-গছনি ফল-মূলেৰে ভৰপূৰ হয়, তেন্তে তাক কাটিব পৰা চিন্তাও মনলৈ নাহে। কিন্তু হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে চৈথালা (Chaithala) গাঁৱত ৩ হাজাৰৰো অধিক আপেলৰ গছ কাটিবলৈ নিৰ্দেশ দিছে। বৰ্তমানে আপেল ৰাজ্য হিমাচলত বন বিভাগে কৰত (SAW) ব্যৱহাৰ কৰি হাজাৰ হাজাৰ আপেল ভৰ্তি গছ কাটিবলৈ আৰম্ভ কৰিছে। এই কথাটো হয়তো প্ৰথম দৃষ্টিত সহজে হজম নহয়, কিন্তু ইয়াৰ আঁৰৰ কাহিনী অলপ বেলেগ ।
এই অবৈধ বেদখল কাহিনীৰ প্ৰস্তাৱনা ১১ বছৰ আগতে লিখা হৈছিল। ২০১৪ চনত কৃষ্ণ চন্দ সৰ্তা (Krishna Chand Sarta) নামৰ ব্যক্তি এজনে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ লিখিছিল যে Upper Shimla ৰ ২৮০০ বিঘা মাটি ১৩টা পৰিয়ালে বেদখল কৰিছে। তাত আপেলৰ বাগিচা গঢ়ি তোলা হৈছিল আৰু বনাঞ্চলৰ মাটিত স্থায়ী গঠন নিৰ্মাণ কৰা হৈছিল। কেৱল এয়াই নহয়, তেওঁলোকে বিদ্যুৎ আৰু পানীৰ সংযোগো লাভ কৰিছিল। সেই বাগিচাবোৰৰ পৰা প্ৰতি বছৰে লাখ লাখ টকা উপাৰ্জন হৈ আছিল।
তেতিয়াৰ পৰাই আদালতত এই বিষয়টোৰ উপৰত চলি আছিল গোচৰ । আৰু আজি সুদীৰ্ঘ ১১ বছৰৰ অন্তত এই গছবোৰ বেদখল কৰা বনভূমিত আছিল বাবেই মাননীয় বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে।
চিমলাৰ প্ৰাক্তন উপ-পৌৰপতি তথা পৰিবেশবিদ টিকেন্দ্ৰ সিং পানোৱাৰে যুক্তি আগবঢ়ায় যে বন সংৰক্ষণৰ নামত কৰা এই কাৰ্য পৰিৱেশ সংৰক্ষণৰ নীতিৰ বিপৰীত। এই গছবোৰে কাৰ্বন শোষণ কৰে, উষ্ণতা নিয়ন্ত্ৰণ কৰে, মাটিৰ আৰ্দ্ৰতা ধৰি ৰাখে, মৌ- পখীলাৰ দৰে পলিনেটৰ আকৰ্ষণ কৰে আৰু জীৱিকাৰ পথ প্ৰদান কৰে। পানোৱাৰে এই সিদ্ধান্তক সমালোচনা কৰি কয় যে ই বৈজ্ঞানিকভাৱে বা পৰিৱেশগতভাৱেও শুদ্ধ নহয়। তেওঁ এই বিৰোধৰ ওপৰত আলোকপাত কৰি কয় যে বনাঞ্চল সুৰক্ষাৰ বাবে গছ ধ্বংস কৰা হৈছে, যাৰ ফলত পৰিৱেশ ন্যায়ৰ মূল মৰ্মই ক্ষতিগ্ৰস্ত হৈছে।
চৰকাৰী বনাঞ্চলৰ মাটিত আপেল ভৰ্তি গছ-গছনি কাটি পেলোৱাৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন যুক্তি দাঙি ধৰিছে। একাংশ লোকে কয় যে আপেল গছ কটাতকৈ চৰকাৰী সুৰক্ষাৰ অধীনত লোৱা উচিত। আন একাংশই কয় যে যিকোনো মূল্যৰ বিনিময়ত অবৈধ বেদখল আঁতৰাব লাগে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো উত্তপ্ত বিতৰ্ক চলি আছে।
পেছাত চিকিৎসক ডাঃ ৰমেশ চান্দে পোষ্ট কৰিছে যে ‘অবৈধভাৱে দখল কৰা চৰকাৰী মাটিত খেতি কৰা ইমান বিশাল আপেল গছ কাটি পেলোৱাৰ পৰিৱৰ্তে চৰকাৰে ফলৰ লগতে এই মাটিখিনি নিজৰ লগত ৰাখিলে ভাল আছিল।’
চি পি আই (এম) নেতা ৰাকেশ সিংহৰ মতে ‘হিমাচলত আপেল গছ সংৰক্ষণৰ পৰম্পৰা আছে। সৰু আৰু প্ৰান্তীয় মালিকসকলে সকাহ পাব লাগে।’
Discussion about this post