বৃহস্পতিবাৰে মাজ আকাশৰ পৰা চীন সীমান্তত সন্ধানহীন হোৱা ৰাছিয়াৰ বিমানখনৰ অৱশেষত সন্ধান ওলাল। ৫০ জন যাত্ৰী কঢ়িয়াই অনা এই বিমানখন দুৰ্ঘটনাৰ সন্মুখীন হোৱাত আটাইকেইজন যাত্ৰীৰেই মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৰাছিয়াৰ আমুৰ প্ৰদেশৰ পৰা টিণ্ডা চহৰলৈ যাত্ৰা কৰিছিল এই বিমানখনে। ৰাছিয়াৰ সংবাদ সংস্থা টাছৰ খবৰ অনুসৰি চাইবেৰিয়ান আংগাৰা এয়াৰলাইন্সৰ AN 34 বিমানখনে গন্তব্য স্থান অভিমুখে উৰা মৰাৰ পিছত ৰাডাৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।
বিশ্বজুৰি বিয়পি পৰে এই খবৰ। তাৰ মাজতেই অৱশ্যে বিমানখনৰ সন্ধান পোৱা গ’ল। ৰয়টাৰৰ বাতৰি অনুসৰি বিমানখনত আছিল দুগৰাকী পাইলট, ৬ গৰাকী বিমান পৰিচাৰিকাকে ধৰি প্ৰায় ৫০ গৰাকী যাত্ৰী।
সেয়ে বিমানখন সন্ধানহীন হোৱাৰ পিছতে আন এখন হেলিকপ্টাৰৰ জৰিয়তে ইয়াৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছিল। সেই হেলিকপ্টাৰখনৰ পৰাই সন্ধানকাৰী দলটোৱে প্ৰত্যক্ষ কৰিছে বিমানখনৰ ধ্বংসাৱশেষ।
সন্ধানকাৰী দলটোৱে বিমানখনৰ ধ্বংসাৱশেষ দেখিয়েই অনুমান কৰিছে বিমানখনৰ ৫০ গৰাকী যাত্ৰীৰ আটাইকেইজনৰে মৃত্যু হৈছে। এই সন্দৰ্ভত ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে, দুৰ্ঘটনাগ্ৰস্ত বিমানখন চাইবেৰিয়াৰ Angara airlines ৰ। বিমানখনত আছিল পাঁচটাকৈ শিশুও।
উল্লেখযোগ্যে যে, শেহতীয়াকৈ বিশ্বজুৰি কেইবাটাও শোকাবহ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। যোৱা জুন মাহৰ ১২ তাৰিখে আহমেদাবাদত পাইলটকে ধৰি মুঠ ২৬১ জন যাত্ৰীলৈ লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাত পতিত হৈ ২৬০ জনকৈ লোকৰ প্ৰাণ হেৰাইছিল।
তাৰ পিছত যোৱা ২১ জুলাই সোমবাৰে উৰণৰ কিছু সময়ৰ পিছতে বাংলাদেশ বায়ুসেনাৰ এখন জেটে বিদ্যালয়ত খুন্দা মৰাৰ ফলত পাইলটকে ধৰি মুঠ ৩১ জন লোকৰ মৃত্যু হৈছে। বাংলাদেশ বায়ু সেনাৰ এফ-৭ যুঁজাৰু বিমানখন অনুশীলনৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
Discussion about this post