বিগত ৮ দিন ধৰি উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ছিল্কয়ৰা সুৰংগত (Silkyara tunnel) আৱদ্ধ হৈ আছে ৪০ জনকৈ শ্ৰমিক। বিভিন্ন প্ৰচেষ্টাৰ পাছতো শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দল।
শুকুৰবাৰে নিশা প্ৰায় ২.৪৫ বজাত শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে ড্ৰিল কৰিবলৈ স্থাপন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত অগাৰ যন্ত্ৰ এটা বিকল হোৱাৰ পিছত উদ্ধাৰ অভিযান স্থগিত ৰখা হৈছিল। যাৰ ফলত উদ্বেগ বৃদ্ধি পাইছিল।
দেওবাৰে পথ, পৰিবহণ আৰু ঘাইপথ সচিব অনুৰাগ জৈনে কয় যে চৰকাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ নিৰ্মাণাধীন ছিল্কয়ৰা সুৰংগত (Silkyara tunnel) আৱদ্ধ হৈ থকা ৪0 জন শ্ৰমিকলৈ মাল্টিভিটামিন, এণ্টিডিপ্ৰেচেন ঔষধৰ লগতে শুকান ফল প্ৰেৰণ কৰিছে। লগতে কয় যে, সৌভাগ্যক্ৰমে ভিতৰত লাইট আছে আৰু এটা পাইপলাইন আছে । যাৰ বাবে উপলব্ধ আছে পানী। লগতে পাইপৰ জৰিয়তে তেওঁলোকক খাদ্য যোগান ধৰা বুলি কয়।
উল্লেখ্য যে, উত্তৰকাশীত নিৰ্মাণ কৰি থকা ছিল্কয়ৰা সুৰংগ পথৰ নিৰ্মাণ চলি থকাৰ মাজতে ১২ নৱেম্বৰত হঠাৎ সুৰংগৰ সন্মুখভাগত ভূমিস্খলন হৈ সুৰংগৰ এটা অংশ খহি পৰে। ইয়াৰ পাছতে সুৰংগৰ ভিতৰত কৰ্মৰত ৪০ জনকৈ শ্ৰমিক তাতেই আৱদ্ধ হৈ পৰে।
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ চৰ্ধাম প্ৰকল্পৰ (Chardham Project) অন্তৰ্গত ৪৫৩১ মিটাৰ (4531-metre) দৈৰ্ঘ্যৰ ছিল্কয়ৰা সুৰংগটোৱে (Silkyara Tunnel) ৰাদী পাছ (Radi pass) এলেকাৰ তলত গংগোত্ৰী (Gangotri) আৰু যমুনোত্ৰী অক্ষক (Yamunotri axis) সংযোগ কৰিব।
Discussion about this post