মহাকুম্ভ মেলাত পদপিষ্টৰ ঘটনাঃ বহু লোকৰ প্ৰাণ হেৰুৱওৱাৰ আশংকা…
প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত পদপিষ্টৰ ঘটনা। মৌনী অমাবস্যা উপলক্ষে অমৃত স্নান কৰিবলৈ ত্ৰিবেণী সংঙ্গমস্থলীলৈ ভক্তই দৌৰাদৌৰি কৰাৰ সময়তে এই অঘটন সংঘটিত হয়।
বুধবাৰে সংঘটিত হোৱা এই ঘটনাত আনকি বহু লোকৰ প্ৰাণ যোৱাৰো আশংকা কৰা হৈছে। আহত হৈছে বহুজন লোক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে RAF মোতায়েন কৰিছে।
উল্লেখ্য যে, মৌনী অমাৱস্যা উপলক্ষে কোটি কোটি লোকে প্ৰয়াগৰাজত ভিৰ কৰিছে। সকলো ভক্তই বুধবাৰে ত্ৰিবেণী সংগমত ‘অমৃত স্নান’ কৰিবলৈ একত্ৰিত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অত্যাধিক ভিৰৰ বাবে তীৰ্থযাত্ৰীসকলৰ মাজত হতাহতিও হয়। ফলত বহু লোক ভিৰৰ মাজত আৱদ্ধ হৈ পৰে।
এই ঘটনাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ হয়। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়।
জানিব পৰা মতে অত্যাধিক ভিৰৰ বাবে মঙলবাৰে আবেলি মেলা চৌহদৰ বহু বেৰিকেড ভাঙি পেলোৱা হৈছিল। তাৰ মাজতে বুধবাৰে পুৱা প্ৰায় ২ বজাত পদপিষ্টৰ এই ঘটনা সংঘটিত হয়। কিন্তু এই পৰ্যন্ত প্ৰশাসনে হতাহতিৰ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।
এই আহতসকলৰ মাজত আছিল হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰীয়ে তেওঁক আন আন আহতৰ সৈতে স্থানীয় হাস্পতাললৈ লৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে তেওঁ হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, নীতিৰঞ্জন পাল হাইলাকান্দিৰ ঔম ছুইটছ স্বত্বাধিকাৰ আছিল।
ইফালে সন্দেহ কৰা হৈছে মহাকুম্ভৰ এই অঘটনত অসমৰ আন ভক্তও আহত হৈছে যদিও এই পৰ্যন্ত অৱশ্যে তেনে কোনো খবৰ অহা নাই। কিন্তু অসমৰ বহু হাজাৰ হাজাৰ লোক মহাকুম্ভ মেলাস্থলীত আছে।
অসমৰ কেইবাজনো সত্ৰাধিকাৰে ইতিমধ্যে অমৃত স্নান কৰিছে। এইসকলৰ ভিতৰত আছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীও। অসমৰ ১০ জনীয়া এই সত্ৰাধিকাৰৰ দলটো সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। আনহাতে আন এটা সত্ৰৰ ভকত, বৈষ্ণৱৰ দলে ইতিমধ্যে মহাকুম্ভ মেলাৰ স্থান ত্যাগ কৰি অসম অভিমুখে ৰাওনা হৈছে।
আশংকা কৰা মতে এই ঘটনাত অতি কমেও ১০ জন লোকৰ প্ৰাণ গৈছে।
Discussion about this post