মেডিকেল এণ্ড’স্কপি কেমেৰাত বন্দি উত্তৰাখণ্ডৰ ছিল্কয়ৰা সুৰংগত (Silkyara Tunnel) আৱদ্ধ শ্ৰমিকৰ প্ৰথম দৃশ্য –
উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগ ভাঙি পৰা স্থানত উদ্ধাৰ অভিযানকাৰী দলটোৱে এক উল্লেখনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।
সুৰংগটোৰ ভাঙি পৰা অংশত অভিযানকাৰী দলটোৱে সফলতাৰে মেডিকেল এণ্ড’স্কপি কেমেৰা সুমুৱাবলৈ সক্ষম হৈছে। ইয়াৰ পাছতেই উদ্ধাৰকাৰী দলক নিজৰ মংগলৰ বিষয়ে জনোৱাৰ সময়তে আৱদ্ধ শ্ৰমিকসকলৰ প্ৰথম ভিজুৱেল দেখিবলৈ পোৱা গৈছে।
উল্লেখযোগ্য যে, উদ্ধাৰকাৰী দলটোৱে পাহাৰৰ ওপৰৰ অংশৰ পৰা সুৰংগটোলৈ উলম্ব ড্ৰিলিং মেচিন স্থাপন কৰিবলৈ সক্ষম হৈছিল। হাৰবাঞ্জ নামৰ এই মেচিনটো স্থাপন কৰোতে ১৩ ঘণ্টা আৰু ৩খন বাহনৰ প্ৰয়োজন হৈছিল।
উদ্ধাৰ অভিযানৰ দায়িত্বত থকা কৰ্ণেল দীপক পাটিলে কয় যে মূল প্ৰত্যাহ্বান হৈছে ৯০০ মিলিমিটাৰ পাইপৰ জৰিয়তে আবদ্ধ শ্ৰমিকসকলক উলিয়াই অনাটো। ইতিমধ্যে ৬ ইঞ্চিৰ লাইফলাইনৰ জৰিয়তে শ্ৰমিকসকলক খাদ্য, মোবাইল, চাৰ্জাৰ প্ৰেৰণ কৰি থকা হৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে, দুৰ্ঘটনাৰ স্থানত উপস্থিত হোৱা শ্ৰমিকসকলৰ আত্মীয়ৰ ভ্ৰমণ, থকাৰ ব্যৱস্থা, আৰু খাদ্যৰ ব্যৱস্থা উত্তৰাখণ্ডৰ চৰকাৰৰ তৰফৰ পৰা কৰা হ’ব।
Discussion about this post