আকৌ অগ্নিগৰ্ভাহৈ উঠিছে মণিপুৰ। ৰাজ্যখনত নিশা প্ৰতিবাদী জনতাই কংগ্ৰেছ, বিজেপিকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে এটা মোবাইল টাৱাৰতো অগ্নিসংযোগ কৰিছে। জিৰিবামৰ এগৰাকী বিধায়কৰ ঘৰতো অগ্নিসংযোগ কৰিছে প্ৰতিবাদী লোকসকলে।
মেইটেই সম্প্ৰদায়ৰ ৬ মহিলা, শিশুক সন্দেহজনক কুকি বিদ্ৰোহীয়ে হত্যা কৰাৰ পাছতে অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। নিশা প্ৰতিবাদী জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান দি তেওঁলোকৰ ফটো ৰাজপথতে ভৰিৰে মোহাৰি পেলাইছে।
তাৰোপৰি কুকি উগ্ৰপন্থীক ৰাজ্যখনৰ পৰা উৎখাত কৰিবলৈ চূড়ান্ত সময়সীমাও নিৰ্ধাৰণ কৰি দিছে। পৰিস্থিতি চম্ভালিবলৈ সেনাই ফ্লেগ মাৰ্ছ কৰিছে যদিও পৰিস্থিতিয়ে জটিল ৰূপহে ধাৰণ কৰিছে।
ইফালে অশান্ত মণিপুৰত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ দিশেও ধাৱমান হৈছে। বিজেপি শাসিত ৰাজ্যখনত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দক্ষতাৰে নেতৃত্ব বহন কৰাত চূড়ান্তৰূপত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি বিজেপি চৰকাৰলৈ থকা সমৰ্থন প্ৰত্যাহাৰ কৰিছে এন পি পিয়ে। ৰাজ্যখনত আছে এন পি পিৰ ৭ গৰাকীকৈ বিধায়ক।
দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডালৈ এক পত্ৰ প্ৰেৰণ কৰি কনৰাড চাংমাই মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি এন বীৰেন সিঙৰ নেতৃত্বক সমালোচিত কৰি সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে। তেওঁ সমৰ্থন প্ৰত্যাহাৰৰ পত্ৰত লিখিছে- মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত মণিপুৰৰ ৰাজ্য চৰকাৰখনে সংঘাত সমাধান আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি আমি দৃঢ়ভাৱে অনুভৱ কৰো।
আনহাতে মণিপুৰৰ ক্ষমতা দখল কৰিয়েই দায়িত্ব শেষ কৰা বিজেপি চৰকাৰৰ প্ৰতি চূড়ান্ত ক্ষোভ প্ৰকাশ কৰি ৰাজ্যখনৰ কংগ্ৰেছী বিধায়কসকলে ৰাজহুৱা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে এই সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাষ্ট্ৰপতিক সাক্ষাতৰ বাবে দিল্লীত বাহৰ পাতিছে।
শেহতীয়াকৈ বিগত সোমবাৰে অপহৃত হোৱা মেইটেই সম্প্ৰদায়ৰ ৬ মহিলা, শিশুৰ মৃতদেহ শুকুৰবাৰে সন্ধিয়া আৰু শনিবাৰে পুৱা উদ্ধাৰ হোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে মণিপুক। ৰাজ্যখনৰ কেইবাজনো বিধায়কৰ ঘৰত অগ্নিসংযোগ কৰিছে স্থানীয় উত্তেজিত জনতাই। আনকি মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বাসগৃহও বাদ পৰা নাই । এনে পৰিস্থিতিত মণিপুৰৰ কংগ্ৰেছ বিধায়ক কেইশ্যাম মেঘচন্দ্ৰই এক্সৰ জৰিয়তে কয়, যদি মণিপুৰৰ জনতাই শান্তি স্থাপনৰ বাবে নতুন জনাদেশ দিব বিচাৰে তেন্তে মই আৰু মোৰ লগতে সকলো কংগ্ৰেছ বিধায়ক পদত্যাগ কৰিবলৈ সাজু আছো।
মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক উচ্চস্তৰীয় বৈঠকত বহাৰো কথা। এই বৈঠকতে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাক লৈ আলোচনা হ’ব। ইয়াৰ পূৰ্বে ১৬ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মণিপুৰৰ শান্তি প্ৰতিষ্ঠাৰ বাবে নিৰাপত্তাবাহিনীক ফ্ৰীহেণ্ড দিছে। তাৰ পূৰ্বে আকৌ ৬ খনকৈ আৰক্ষী থানা এলেকাত ক’লা আইন হিচাপে পৰিচিত AFSPA প্ৰয়োগ কৰিছে।
Discussion about this post