পশ্চিম নেপালত শুকুৰবাৰে নিশা অহা ভয়ংকৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে ১40 জন লোকৰ মৃত্যু হোৱাৰ লগতে শ শ লোক আহত হৈছে। ভূমিকম্পৰ ফলত বহু ঘৰ, অট্টালিকা ভাঙি মানুহৰ বিস্তৰ ক্ষয়-ক্ষতি হৈছে। নেপালৰ বিষয়াসকলে নিশ্চিত কৰিছে যে নেপালৰ ৰুকুম পশ্চিমত ৩৫জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জাজাৰকোট জিলাত ৯০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ভূমিকম্পৰ পিছৰে পৰা উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
শুকুৰবাৰে নিশা প্ৰায় ১১ বাজি ৩০ মিনিটত নেপালৰ পশ্চিম অঞ্চলত প্ৰবল ভূমিকম্পৰ ভূমিকম্প অনুভৱ কৰা হৈছিল। এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.৪ প্ৰাবল্যৰ আছিল বুলি কোৱা হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহাল দুৰ্ঘটনাস্থলীত পৰিদৰ্শনৰ বাবে ৰাওনা হৈছে।
Discussion about this post