বুৰীয়া দেশ নেপালত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ। দেশখনৰ কেইবাঠাইতো হোৱা বানৰ ফলত প্ৰায় ২০০ জন লোকে প্ৰাণ হেৰুৱাইছে। কমেও ৩০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।
অধিকাংশ লোকৰ মৃত্যু হৈছে কাঠমাণ্ডুত, য’ত মহানগৰীৰ বৃহৎ অংশ ডুব গৈছিল। কাঠমাণ্ডুৰ পৰা ১৬ কিলোমিটাৰ নিলগত অৱৰোধ ঘাইপথৰ সমীপত সংঘটিত হোৱা এক মাৰাত্মক ভূমিস্খলনে কেইবাখনো বাহন পুতি পেলাই আৰু অঞ্চলটোত শুই থকা তিনি ডজন লোকৰ মৃত্যু হয়। কাঠমাণ্ডুৰ বাহিৰৰ সকলো ঘাইপথ ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছিল যদিও শ্ৰমিকসকলে সাময়িকভাৱে পৃথ্বী ঘাইপথ (Prithvi Highway) মুকলি কৰিবলৈ সক্ষম হয়।
নেপাল সেনাৰ সূত্ৰ অনুসৰি বৰ্তমানলৈকে কম-বেছি পৰিমাণে ৪ হাজাৰ লোক বানত আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
যোৱা শুকুৰবাৰৰ পৰা সমগ্ৰ নেপালত অবিৰতভাৱে বৰষুণ দি আহিছে। যাৰ ফলতেই এই বান পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰায় ৪৫০০ লোক বানত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে নেপাল সেনাৰ সূত্ৰই।
নেপালত বানপানী আৰু ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে বিষয়াসকলে যোগাযোগত থকাৰ কথা উল্লেখ কৰি নেপালত থকা ভাৰতীয় দূতাবাসে তেওঁলোকৰ নিৰাপদে উভতি অহাৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে। আৱদ্ধ ভাৰতীয় নাগৰিকসকলক সহায়ৰ বাবে এটা জৰুৰীকালীন হেল্পলাইন নম্বৰো স্থাপন কৰা হৈছে।
Discussion about this post