যোৰহাটত মুখ্যমন্ত্ৰী – ASSAM CM JORHAT VISIT
যোৰহাটত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে । উদ্বোধন কৰিলে যোৰহাটৰ কমাৰবন্ধাৰ ৰে’লৱে উৰণ সেতু ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কমাৰবন্ধা পথৰ ওপৰত নিৰ্মাণ হোৱা দ্বিতীয়খন ৰে’লৱে উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰে বুধবাৰে। ৰাইজৰ বাবে উৰণীয়া সেতুখন মুকলি কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, “৭৮.২৭ কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ৫৮১ মিটাৰ দৈৰ্ঘৰ উৰণ সেতুখনে যান-জঁটকে আদি কৰি ৰাইজৰ বহু সমস্যা সমাধান কৰিব ।”
লগতে তেওঁ কয়, “যোৰহাটত হৈ থকা আন দুখন উৰণ সেতু ২০২৬ চনৰ প্ৰথমভাগতেই কোনো অসুবিধা নহ’লে ৰাইজৰ বাবে মুকলি কৰা হ’ব ।”
আনহাতে, অসমে নিজাববীয়াকৈ ছেটেলাইট উৎক্ষেপণ প্ৰংসগত মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে এই সম্পৰ্কত ইছৰোৰ বৈজ্ঞানিক দলৰ সৈতে আলোচনা সম্পন্ন হৈছে যে আৰু লগতে ২০২৫ চনতে ইছৰোৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ।
অসম চৰকাৰে উৎক্ষেপণ কৰিবলগীয়া এই ছেটেলাইটৰ জৰিয়তে কৃষি সম্পৰ্কীয় তথ্য, প্ৰাকৃতিক দুৰ্যোগ আৰু অনুপ্ৰৱেশকাৰী বিভিন্ন তথ্য গুৱাহাটীৰ কণ্ট্ৰ’ল ৰুমত বহিয়ে পোনপটীয়াকৈ লাভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে ।
আনহাতে, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ আন্দামানৰ চেলুলাৰ জেলৰ দৰে ‘ৰাষ্ট্ৰ ভক্তি’ৰ (Rashtra Bhakt) প্ৰতীক । “যোৰহাট জে’লতে আছে অসমৰ প্ৰথমখন ফাঁচিকাঠ । সেয়েহে যোৰহাট জেলক আন্দমান নিকোবৰত থকা স্বাধীনতা সংগ্ৰামী উদ্যানৰ আৰ্হিত ১৮০ কোটি টকা ব্যয় সাপেক্ষে স্বাধীনতা সংগ্ৰামী উদ্যান হিচাপে গঢ়ি তোলা হ’ব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কয়।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ১৩০০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে যোৰহাটত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰম্ভ হৈ আছে আৰু ইয়াৰে কিছুমান কাম প্ৰায় সম্পূৰ্ণ হৈছে ।
Discussion about this post