দেৰগাঁৱৰ নেঘেৰিটিঙত সংঘটিত যুৱকৰ আত্মহত্যাৰ ঘটনাই পুনৰ এবাৰ লজ্জিত কৰিছে অসম আৰক্ষীক ৷ এই ঘটনাৰ পাছতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত গোলাঘাট আৰক্ষীৰ তৎপৰতা ৷ দেৰগাঁৱৰ দ’লমুখৰ অজয় দত্ত নামৰ ২১ বছৰীয়া যুৱকজনৰ আত্মহত্যাৰ ঘটনাৰ উচিত তদন্তৰ আশ্বাস গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ ৷ ঘটনাৰ লগত জড়িত থকা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ বুধবাৰে সন্ধিয়া মৃত যুৱকজনৰ বাসগৃহত উপস্থিত হৈ এই আশ্বাস প্ৰদান কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ যুৱকজনৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰাৰো আশ্বাস দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
উল্লেখ্য যে, বিজয়া দশমীৰ দিনাই দেৰগাঁৱৰ নেঘেৰিটিঙত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ অসম আৰক্ষী জোৱানৰ অত্যাচাৰ সহিব নোৱাৰি এজন যুৱকে গ্ৰহণ কৰে চৰম পন্থা ৷ মৃত্যুৰ আগমূহুৰ্তত যুৱকজনে চ’ছিয়েল মিডিয়াত আপলোড কৰিছিল এক ভিডিঅ’ ৷ অভিযোগ অনুসৰি গাড়ী চালকৰ ৰূপত থকা আৰক্ষীয়ে সাধাৰণ কথাতেই ককৰ্থনা আৰু দুৰ্ব্যৱহাৰ কৰিছিল যুৱকজনক ৷
Discussion about this post