আলোকসন্ধানী শিক্ষাবিদ ড° বীৰেন্দ্ৰনাথ দত্তৰ মহাপ্ৰস্থান । সোমবাৰে পুৱা বৰ্ণাঢ্য জীৱন, অনন্য সৃষ্টিৰাজিক চিৰদিনৰ বাবে সামৰি কাহানিও উভতি আহিব নোৱাৰা বাটেৰে বিদায় মাগিলে শিক্ষাবিদ, গৱেষক তথা শিল্পী ড° বীৰেন্দ্ৰনাথ দত্তই।
গুণমুগ্ধ, শুভাকাংক্ষী, আত্মীয়-স্বজনৰ অশ্ৰুসিক্ত নয়নৰ সন্মুখতে নৱগ্ৰহত দাওদাওকৈ জ্বলি উঠা চিতাৰ জুয়ে চিৰদিনৰ বাবে নোহোৱা কৰি দিয়ে তেজ-মঙহেৰে গঢ়া কায়িক মানুহজনক ৯০ বছৰ বয়সত। লগে লগে অন্ত পৰে নগাঁৱৰ পৰা আৰম্ভ হোৱা এটা বৰ্ণিল জীৱনৰ পৰিক্ৰমা।
ড° বীৰেন্দ্ৰনাথ দত্তই ইহসংসাৰত পত্নী ইভা বৰুৱা, পুত্ৰ উদ্যালক আৰু ২ কন্যা ড° সুদেষ্ণা চৌধুৰী আৰু ড° উপাসনা দত্তক এৰি থৈ যায়।
নগাঁৱত জন্মগ্ৰহণ কৰা ড° বীৰেন্দ্ৰনাথ দত্তৰ পিতৃ প্ৰয়াত কল্পনাথ দত্ত আৰু মাতৃ প্ৰয়াত মন্দাকিনী দত্ত।
তেখেতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল গুৱাহাটীৰ চেনিকুঠী প্ৰাইমাৰী স্কুলৰ পৰা। ১৯৫০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ পঞ্চম স্থান অধিকাৰ কৰে। ১৯৫২ চনত গুৱাহাটী কটন কলেজৰ পৰা আই এছ চি পৰীক্ষা দি গুৱাহাটী বিশ্ববদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ সপ্তম স্থান অধিকাৰ কৰে। শান্তি নিকেতনত ১৯৫৪ চনত বিশ্বভাৰতীৰ পৰা অৰ্থনীতিত অনাৰ্ছ লৈ বি এ ডিগ্ৰী লাভ। ১৯৫৬ চনত গুৱাহাটী বিশ্ববদ্যালয়ৰ পৰা অৰ্থনীতিত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। “A Study of the Culture of the Goalpara District of Assam” গৱেষণা গ্ৰন্থৰ বাবে ১৯৭৪ চনত PHD ডিগ্ৰী লাভ কৰে।
বি বৰুৱা কলেজৰ প্ৰবক্তা হিচাপে তেখেতে আৰম্ভ কৰে শিক্ষকতা জীৱন। গুৱাহাটী বিশ্ববদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ ৰীডাৰ, প্ৰফেছৰ, মুৰব্বী হিচাপে ১৯৭৯-১৯৯৫ লৈ কাৰ্যভাৰ গ্ৰহণ কৰে। এবছৰৰ কাৰণে গুৱাহাটী বিশ্ববদ্যালয়ৰ কলাগুৰুৰ আসন শুৱনি কৰে। আৰু ১৯৯৫ চনত গুৱাহাটী বিশ্ববদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।
এইগৰাকী মহান শিল্পীৰ মধুৰ কন্ঠেৰে নিগৰি অহা “বহুদিন বকুলৰ গোন্ধ পোৱা নাই…”, ” বগলী বগা ফোঁট দি যা…”, অ ধুন ধুনীয়া মোৰ অকণমানি…” আদি চিৰসেউজ গীতসমূহ আজিৰ দৰে ভৱিষ্যতেও যে সকলো প্ৰজন্মৰ মাজতে জনপ্ৰিয় হৈ থাকিব তাত কোনো দ্বিমত নাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে দত্তই অসমীয়া সাহিত্যৰ জগতখন চহকী কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ ত্যাগ স্বীকাৰ কৰে।
তেখেতৰ সহজ-সৰল আৰু মৰমীয়াল স্বভাৱৰ বাবে তেখেত সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ লোকৰ মাজতেই অতিকৈ প্ৰিয় আৰু আদৰ্শস্বৰূপ হৈ ৰ’ব। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গইয়ো এইজনা মহান মনিষীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে উল্লেখ কৰে যে- অসমে এজন প্ৰকৃত সম্পদ হেৰুৱাইছে। ড° বীৰেন্দ্ৰনাথ দত্তৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অসমীয়াৰ মাজত চিৰদিনলৈ জ্যোতিষ্মান হৈ থাকিব।
Discussion about this post