বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। দেওবাৰে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত। আশাহত হৈ পৰিছিল কোটি কোটি ক্ৰিকেট অনুৰাগী। কিন্তু গুৱাহাটীত সংঘটিত হ’ল এক শোকাৱহ ঘটনা। ভাৰত পৰাজিত হোৱাৰ দুখতে প্ৰাণ হেৰুৱালে এজন যুৱকে!
ঘটনাৰ স্থান সাওকুছি। দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল চাই আছিল ২১ বছৰীয়া মৃণাল মজুমদাৰে। কিন্তু ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পিছতে অত্যন্ত শোকাহত হৈ পৰিছিল যুৱকজন। নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন। নিশা হয়তো টোপনি অহা নাছিল মৃণালৰ। পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কেইবাবাৰো বিচনাৰ পৰা উঠিছিল মৃণাল। তাৰ পিছত পৰিয়ালৰ লোকে মৃণালক কোঠালৈ গৈ দেখে মৃণাল অচেতন হৈ পৰি আছে।
লগে লগে পৰিয়ালৰ লোকে মৃণালক হায়াত হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
Discussion about this post