মানুহ নিজৰ কৰ্মৰ দ্বাৰাই ভগৱানৰ শাৰীলৈ উত্তীৰ্ণ হয়। ত্যাগ আৰু সেৱাৰ মনোভাবেৰে গঢ়া আদৰ্শ আৰু আত্মবোধে তেওঁক মহান কৰি তোলে। তেনে ব্যক্তি থাকে মানুহৰ হৃদয়ত।
জীৱনৰ ৮৬ টা বসন্তত অনন্ত ধামলৈ গতি কৰিলে এইগৰাকী বিশিষ্ট উদ্যোগপতি তথা মানৱদৰদী ৰতন টাটাই। বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উদ্যোগপতিগৰাকী। সোমবাৰৰ পৰা মুম্বাইৰ ব্রীছকেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা ৰতন টাটাই মহাষষ্ঠীৰ দিনা সংসাৰৰ মায়া- মোহ ত্যাগ কৰি অন্তিম নিশ্বাস ত্যাগ কৰে।
দেশৰ নতুন প্ৰজন্মক ‘মানুহ’ হোৱাৰ প্ৰেৰণা যোগোৱা ৰতন টাটা আছিল সঁচা অৰ্থত এজন প্ৰকৃত মানুহ। তেখেতৰ ব্যক্তিত্বই সৰ্বসাধাৰণৰ বাবে আছিল অসামান্য প্ৰেৰণাৰ সমল। জীৱন যুঁজত যুঁজাৰ চালিকা শক্তি।
তেখেতে জীৱনকালত ভাৰতীয় সমাজ জীৱনলৈ আগবঢ়াইছিল অকুণ্ঠ বৰঙণি। দেশৰ ধনাঢ্য উদ্যোগপতি হৈও কটাইছিল সাধাৰণ জীৱন। তেখেতৰ অকৃত্ৰিম মৰম, স্নেহ তথা উল্লেখযোগ্য বৰঙণিৰ বাবে অসম চৰকাৰে আগবঢ়াইছিল অসমৰ সৰ্বোচ্চ সন্মান ‘অসম বৈভৱ’ বঁটা।
Discussion about this post