কৰ্ণাটকৰ মহাদেশ্বৰ পাহাৰৰ দুগিয়াম বনাঞ্চলত হৈছে এক শোকাবহ ঘটনা। কোনো দুষ্ট চক্ৰই আজি অৰণ্যৰ ভিতৰত এটা মৃত গৰুৰ মাংসত বিহ মিহলাই থোৱাৰ ফলত সেই মাংস ভক্ষণ কৰি ৫ টাকৈ ঢেঁকীয়াপতীয়া বাঘৰ কৰুণ মৃত্যু হয়। মৃত গৰুৰ মাংস খোৱাৰ পিচতে মাইকী ঢেঁকীয়াপতীয়া এজনীৰ লগতে তাইৰ ৪টাকৈ পোৱালীৰ মৃত্যু হয়। দুৰ্বৃত্তই মৃত গৰুটোৰ মাংসত বিহ মিহলাই থোৱাৰ পিচতে এই কৰুণ ঘটনা সংঘটিত হয়। বন বিভাগে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিছে। দুগিয়াম বনাঞ্চলত কেইবাদিন পূৰ্বে এটা গৰুৰ মৃত্যু হৈছিল। স্থানীয় লোকে এই গৰুটো বাঘে হত্যা কৰা বুলি সন্দেহ কৰিছিল আৰু হয়তো ইয়াৰ পোটক তুলিবলৈকে মৃত গৰুটোৰ গাত বিহ ঢালিছিল। উল্লেখযোগ্য যে ৫৬৩ টা ঢেঁকীয়াপতীয়া বাঘ আছে কৰ্ণাটকত। ই হৈছে দেশৰ ভিতৰতে ২য় স্থান।
Discussion about this post