কাৰ্বিসকলৰ অতি বিশিষ্ট কণ্ঠশিল্পী তথা ডিফু টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ ডেনিয়েল ইংটিয়ে বৃহস্পতিবাৰে সন্ধিয়া প্ৰেচাৰ ষ্ট্ৰোকৰ বাবে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ যায়। পৰিয়ালৰ লোকৰ মতে, ডেনিয়েল ২ নৱেম্বৰৰ দিনৰ প্ৰায় ১ বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধিয়া ৭ বাজি ৩০ মিনিটত ঘৰলৈ উভতি আহিছিল। কিন্তু ঘৰ পোৱাৰ লগে লগে স্কুটিখন ৰখাই থাকোতে হঠাতে ষ্ট্ৰোক হৈ সেই ঠাইতে তেওঁ ঢলি পৰে। লগে লগে তেওঁক ডিফু মেডিকেল কলেজ এণ্ড হস্পিতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল।
উল্লেখ্য যে, ডিফু টাউন কমিটীৰ নিৰ্বাচনত ডেনিয়েল ইংটিয়ে ৱাৰ্ড নং ৩ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। আৰু নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এসময়ত কংগ্ৰেছৰ বলিষ্ঠ নেতা, পিছলৈ তেওঁ বিজেপিত যোগদান কৰি দলৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি আছিল। তেওঁ এজন জনপ্ৰিয় যুৱ নেতাও আছিল। কিন্তু গায়ন-বায়ন আৰু সংগীতৰ বাবে জনসাধাৰণৰ মাজত তেওঁ আটাইতকৈ বেছি জনপ্ৰিয় আছিল। ‘চেংভে জাদি থা নাং’, ‘ছামি নাংফান নেচেংভে ড’-ই’, আৰু তেওঁৰ ‘বাইডো বাইডো’ আটাইতকৈ জনপ্ৰিয় গীত।




























Discussion about this post