মহানগৰীত পুনৰ সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা। বন্ধুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লৈ আহি দুৰ্ঘটনাতপতিত হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে বাদ্যশিল্পীয়ে। নিহত শিল্পীগৰাকী লক্ষীমপুৰৰ কমল বৰুৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, বিগত ৭বছৰ ধৰি ২৫ ফেব্ৰুৱাৰীত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ আহিছে ‘আৱেগ’ শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহিছিল কমল বৰুৱা নামৰ শিল্পীগৰাকী। SMACK BAND নামৰ সংগীত পৰিৱেশন কৰা দলটোৰ এগৰাকী ড্ৰাম বাদক হিচাপে আছিল কমল বৰুৱা।
দুৰ্ঘটনাত নিহত কমলক সম্প্ৰতি GMCHৰ মৰ্গত ৰখা হৈছে। ইতিমধ্যে তেওঁৰ পৰিয়াল আৰু কটনৰ ছাত্ৰ-ছাত্ৰীসকল জি এম চি এইচত উপস্থিত হৈছেহি।
পৰিয়ালৰলোকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে কমলৰ মৃতদেহ লৈ যোৱা হ’ব লক্ষীমপুৰৰ বাসগৃহলৈ। আনহাতে বাদ্যশিল্পীগৰাকীৰ আকস্মিক বিয়োগৰ পিছতে কটনৰ অনুষ্ঠান বাতিল কৰিছে উদ্যোক্তাই।
Discussion about this post