বিশিষ্ট অভিনেতা মেহতাব হুছেইনৰ দেহাৱসান – ACTOR MEHTAB HUSSAIN PASSES AWAY
আজি একালৰ চিনেমা আৰু অসমীয়া ধাৰাবাহিকৰ বলিষ্ঠ অভিনেতা, নিৰ্দেশক, মেহতাব হুছেইনৰ পৰলোকপ্ৰাপ্তি ঘটে গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ৷
মেহতাব হুছেইন অসমীয়া ছবিজগত আৰু অসমীয়া ধাৰাবাহিকৰ এগৰাকী বলিষ্ঠ অভিনেতা আছিল ৷ গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত ‘‘মিতাৰ তিতা মিঠা’’ কমেডী ছিৰিয়েলখন নিৰ্মাণ কৰি তেখেতে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল ।
‘‘মিতাৰ তিতা মিঠা’’ আছিল অসমৰ প্ৰথম খুহুতীয়া ধাৰাবাহিক । সেই সময়ত তেওঁ অসমৰ ৰাইজৰ মাজত বিপুলভাৱে জনপ্ৰিয় হৈ পৰিছিল মেহতাব কা নামেৰে ।
১৯৭৫ চনৰ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা পুলক গগৈ পৰিচালিত ব্লেক এণ্ড হোৱাইট ছবি ‘খোজ’ত নায়ক ৰূপে অভিনয় কৰিছিল মেহতাব হুছেইনে । কমেডী ছিৰিয়েল খিছিৰিত তেখেতে এজন কৌতুক অভিনেতা হিচাপে সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি মেহতাব হুছেইন অসমৰ প্ৰথমগৰাকী চাহ বিজ্ঞানৰ স্নাতক আছিল ।
মৃত্যুৰ সময়ত মেহতাব হুছেইনে জ্যেষ্ঠ ভাতৃ বিশিষ্ট চিকিৎসক ডাক্তৰ জাকিৰ হুছেইন, পত্নী-পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে । মেহতাব হুছেইনৰ পিতৃ আছিল মুহিবুদ্দিন আহমেদ আৰু মাতৃ আছিল ছফিয়া খাতুন । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭৫ বছৰ ।
Discussion about this post