যোৰাবাটত কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষকৰ ৰহস্যজনক মৃত্যু । ট্ৰাক চালকে মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ অধীক্ষকজনক । মৃত অধীক্ষকগৰাকীৰ নাম ধ্ৰুৱজ্যোতি বৰ্মন । বৰ্মনক ৰডেৰে মৰিয়াই হত্যাৰ অভিযোগ পৰিয়াল তথা চুবুৰীয়াৰ । কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক আছিল ধ্ৰুৱজ্যোতি বৰ্মন ।
অভিযোগ অনুসৰি এটা দুৰ্ঘটনাক লৈ সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । জানিব পৰা মতে পুৱাৰ ভাগত গুৱাহাটীৰ পৰা তেজপুৰলৈ AS 01 FT 2170 নম্বৰৰ নিজা বাহনখনেৰে গৈ আছিল প্ৰশাসনিক অধীক্ষকগৰাকী । কিন্তু যোৰাবাট পোৱাৰ আগতেই পিছফালৰ পৰা ধ্ৰুৱজ্যোতি বৰ্মনৰ বাহনখনত প্ৰথমে খুন্দা মাৰে এখন ট্ৰাকে । বাহনখনৰ পিছফালে দেখা গৈছিল খুন্দা মৰাৰ এটা দাগ ৷ তাৰ পিছত দুৰ্ঘটনাক লৈ ট্ৰাকখনৰ চালকজনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল ধ্ৰুৱজ্যোতি বৰ্মন । অৱশেষত এই কাজিয়াই চূড়ান্ত ৰূপ লয় ।
ট্ৰাক চালকজনে এডাল ৰডেৰে মৰিয়াই হত্যা কৰে অধীক্ষকগৰাকীক । পুৱাৰ ভাগতে সংঘটিত এই ঘটনাৰ পিছত ৰহস্যজনকভাৱে NL 01 AH 2789 বাহনখনৰ সন্মুখত পৰি থকা অৱস্থাত উদ্ধাৰ হয় বৰ্মনৰ মৃতদেহ ৷ ইয়াৰ পিছতে ধ্ৰুৱজ্যোতিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতে পোনে পোনে মৃতদেহটো ভেটাপাৰাত থকা বাসগৃহলৈ লৈ অহা হয় ।
Discussion about this post