দক্ষিণ পশ্চিম নৰৱে’ত সমুদ্ৰৰ বুকুত উপঙি উঠিল ৰাছিয়াৰ সন্দেহযুক্ত চোৰাংচোৱা ৷ ই কিন্তু মানুহ নহয়, এটা তিমিহে ৷ যাক বেলুগা তিমি বুলি কোৱা হয় ৷ মৃত অৱস্থাত উদ্ধাৰ হোৱা এই বেলুগা তিমিটোৰ নাম হৈছে ভালডিমিৰ ৷ ৰাছিয়াই ভালডিমিৰক বিশেষভাৱে চোৰাংচোৱাৰ প্ৰশিক্ষণ দিয়া বুলি শেহতীয়াকৈ চৰ্চা হৈছিল ৷
বেলুগা তিমিটোৰ মৃতদেহটো দক্ষিণ-পশ্চিম নৰৱে’ৰ ৰিছাৱিকা উপ-সাগৰত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় যোৱা শনিবাৰে ৷
“ভালডিমিৰৰ কেৱল বেলুগা তিমি নাছিল; আছিল আশাৰ পোহৰ, সংযোগৰ প্ৰতীক তথা মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজৰ গভীৰ বন্ধনৰ প্ৰতীক,” ইয়াৰ গতিবিধি অনুসৰণ কৰি অহা অবৈতনিক সংস্থা মেৰিন মাইণ্ডে ছ’চিয়েল মিডিয়াত এইদৰে কয় ।
ভালডিমিৰক প্ৰথমবাৰৰ বাবে ২০১৯ চনত নৰৱেৰ সুদূৰ উত্তৰ উপকূলত দেখা গৈছিল ।
ভালডিমিৰৰ দেহত এটা মানৱসৃষ্টি জিন আছে (ঘোঁৰাৰ পিঠিত মানুহ বহিবলৈ ব্যৱহাৰ কৰা গাদীৰ দৰে), য’ত সংযোজিত কেমেৰাত ‘‘Equipment St Petersburg’’ বুলি স্পষ্টকৈ ষ্টাম লগোৱা আছে ৷ ইয়েই ভালডিমিৰক এটা চোৰাংচোৱা তিমি বুলি ভাবিবলৈ যথেষ্ট ইন্ধন যোগাইছে ৷
ভালডিমিৰক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ পিছত ইয়াৰ মৃতদেহটো ক্ৰেনেৰে পানীৰ পৰা উলিয়াই ওচৰৰ বন্দৰলৈ লৈ যোৱা হয় আৰু অধিক পৰীক্ষা কৰা হয় ।
সাগৰীয় জীৱবিজ্ঞানী চেবাষ্টিয়ান ষ্ট্ৰেণ্ডে এন আৰ কেক জনোৱা মতে, “আমি ইয়াৰ অৱশিষ্ট উদ্ধাৰ কৰি পশু চিকিৎসা প্ৰতিষ্ঠানৰ নেক্ৰ’প্সিৰ প্ৰস্তুতিৰ বাবে ঠাণ্ডা ঠাইত ৰাখিবলৈ সক্ষম হৈছো, যিয়ে বেলুগা তিমিটোৰ প্ৰকৃততে কি হৈছিল সেইটো নিৰ্ণয় কৰাত সহায় কৰিব পাৰে ।’’ জন্তুটোৰ দেহত কোনো ডাঙৰ আঘাতৰ চিন দেখা নাই বুলিও ষ্ট্ৰেণ্ডে লগতে কয় ৷
মেৰিন মাইণ্ডৰ হৈ যোৱা তিনি বছৰ ধৰি ভালডিমিৰৰ দুঃসাহসিক অভিযানসমূহ নিৰীক্ষণ কৰা ষ্ট্ৰেণ্ডে কয় যে তিমিটোৰ হঠাৎ মৃত্যুৰ ফলত তেওঁ গভীৰভাৱে দুঃখিত হৈছে ।
ষ্ট্ৰেণ্ডে কয়, ‘‘এয়া একেবাৰে ভয়ংকৰ । শুকুৰবাৰলৈকে ইয়াৰ অৱস্থা ভাল আছিল বুলি প্ৰকাশ পাইছে । গতিকে আমি মাত্ৰ বুজিব লাগিব যে ইয়াত কি হ’ব পাৰে ।” ভালডিমিৰৰ দৈৰ্ঘ আছিল ৪.২ মিটাৰ (১৪ফুট), ওজন ১,২২৫ কিলোগ্ৰাম (২,৭০০ পাউণ্ড) আৰু বয়স ১৪ ৰ পৰা ১৫ বছৰৰ ভিতৰত বুলি ভবা হৈছিল ।
যোৱা পাঁচ বছৰত ভালডিমিৰক নৰৱে’ৰ কেইবাখনো উপকূলীয় চহৰত দেখা গৈছিল আৰু স্পষ্ট হৈ পৰিছিল যে ই অতি শান্ত স্বভাৱৰ আৰু মানুহৰ সৈতে খেলি ভাল পায় ।
নৰৱে’ৰ সংবাদ মাধ্যমে অনুমান কৰিছিল যে ভালডিমিৰ “চোৰাংচোৱা তিমি” হোৱাতকৈ আচলতে কোনো ধৰণৰ “থেৰাপি তিমি” আছিল । বেলুগা তিমিয়ে সাধাৰণতে গ্ৰীণলেণ্ড, নৰৱে’ আৰু ৰাছিয়াৰ উত্তৰ জলভাগত বাস কৰে ৷ ই ৪০ ৰ পৰা ৬০ বছৰৰ ভিতৰত জীয়াই থাকে ।
Discussion about this post